চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ভুৱনেশ্বৰ ডেকাৰ অৱসৰৰ দিনাই 'ব্যক্তিত্ব' শীৰ্ষক গ্ৰন্থ উন্মোচন

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ভুৱনেশ্বৰ ডেকাক বৃহস্পতিবাৰে মহাবিদ্যালয়ৰ তৰফৰ পৰা বিপুলভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়।পুৱা  তেওঁক মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীসকলে নিজ গৃহৰ পৰা পুস্পসজ্জিত বাহনেৰে শোভাযাত্ৰা কৰি মহাবিদ্যালয়লৈ অনা হয় ।ইয়াৰ পিছত মহাবিদ্যালয়ৰ সভাকক্ষত অধ্যক্ষ ড°অসিত কুমাৰ পালৰ পৌৰোহিত্যত বিদায় সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয় । ৰাজনীতি বিভাগৰ অধ্যাপক চাইদুৰ ৰহমানে আঁঁত ধৰা সম্বৰ্ধনা সভাত  মহাবিদ্যালয় ছাত্ৰ একতা সভা, শিক্ষক- শিক্ষয়িত্ৰী গোট, প্ৰতিটো বিভাগৰ পৰা সুকীয়াকৈ তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান ব্যক্তিয়ে মানপত্ৰ, শৰাই,চেলেং, গামোচা কিতাপৰ টোপোলা,মাফলাৰ,ছাতি আদিৰে সম্বৰ্ধনা জনায় ৷এই সভাতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড°অসিত কুমাৰ পাল  আৰু অসমীয়া বিভাগৰ সহ অধ্যাপক মুকুট পাঠকৰ যৌথ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা "শ্ৰী ভুুৱনেশ্বৰ ডেকাৰ ব্যক্তিত্ব" শীৰ্ষক সম্বৰ্ধনা গ্ৰন্থখন উন্মোচন কৰে,অৱসৰী শিক্ষক তথা সমাজকৰ্মী,মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক অতুল চন্দ্ৰ কাকতিয়ে।তেও গ্ৰন্থখন উন্মোচন কৰি কয় ডেকা এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে নহয়,  তেওঁ  নাট্য- অভিনয়ৰ লগত জড়িত এজন শিল্পী ।"পাঞ্চজন্য" যাত্ৰাপাৰ্টীৰ লগত বহু বছৰৰ পৰাই জড়িত এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে সমাজ বিশেষ ভাৱে পৰিচিত ব্যক্তি ।তদুপৰি বৰুণ তালুকদাৰ,নিকুঞ্জ কলিতা,ভদ্ৰেশ্বৰ ডেকা,ধৰ্মেশ্বৰ ঠাকুৰীয়াই সদ্য বিদায়ী ডেকাই সত্তৰ দশকত ৰামদিয়া অঞ্চলৰ পৰা নাট্য জগতলৈ আগবঢ়োৱা অৱদানৰ ওপৰত বক্তব্য দাঙি ধৰে আৰু এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ব্যক্তিত্বৰ ওপৰত গ্ৰন্থ প্ৰকাশ কৰি মহাবিদ্যালয় খনে বিৰল প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰে। সভাত সদ্য বিদায়ী ভুৱনেশ্বৰ ডেকাই মহাবিদ্যালয় তৰফৰ পৰা বিদায় গ্ৰহণ কৰি আবেগিক হৈ পৰে।আনহাতে এই বিদায়ী সভাত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীয়ে তেওঁৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে।

Your Comments