শিৱসাগৰৰ বিভিন্ন স্থানত আলি-আ:য়ে-লৃগাং উদযাপন

Pic

শিৱসাগৰৰ প্ৰতিবেদক:

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰৰ দিচাংমুখ অঞ্চলৰ মিচিং গাওঁসমূহত বুধবাৰে ধৰ্মীয় ৰীতি-নীতিৰে উলহ-মালহেৰে জনগোষ্ঠীটোৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি-আ:য়ে-লৃগাং উদযাপন কৰা হয়।মিচিংসকলে কৃষিভিত্তিক জাতীয় উৎসৱ আলি-আঃয়ে-লৃগাং চহৰখনৰ ডিমৌমুখ, চুমনি, মাজৰবাৰী, লিগিৰিবাৰী, জোলাটোপ, অফলা, কাংকান নগৰত উলহ-মালহেৰে উদযাপন কৰে।বুধবাৰে পুৱাৰে পৰা বয়োজ্যোষ্ঠৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী,শিশু-চেমনীয়া, কিশোৰ-কিশোৰীসকলে নানা ৰঙীন মিবু গালোগ আৰু ৰিবি গাচেঙৰ ৰঙত আলি-আ:য়ে-লৃগাংথলী ৰঙীন কৰি তোলে।আলি-আয়েঃ-লৃগাঙৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।প্ৰতিটো অনুষ্ঠানতে কণ কণ ল'ৰা- ছোৱালী পৰা আৰম্ভ কৰি জীয়াৰী-বোৱাৰী সকলোৱে জাতীয়-পৰম্পৰাগত সাজপাৰ পিন্ধি ঐনিঃতম আৰু ঢোল-তালৰ লহৰত গুমৰাগ নৃত্য পৰিৱেশন কৰে।

Your Comments