তীৰ্থনগৰী হাজোৰ ঐতিহাসিক বুঢ়াহৰগৌৰী মন্দিৰত শিৱৰাত্ৰি মহোৎসৱৰ আয়োজন

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

তীৰ্থনগৰী হাজোৰ ঐতিহ্য অসমৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায়।কাৰোবাৰ মতে হাজো ধৰ্মীয় তীৰ্থ,কোনোৰ মতে এই স্থান সমন্বয়ৰ পীঠ আৰু কোনোৰ মতে আকৌ হাজো লোক - সংস্কৃতিৰ ভৰাল।হাজোৰ সামাজিক জীৱনৰ সৈতে মন্দিৰ সংস্কৃতিৰ অংগাঙ্গী সম্পৰ্ক।তীৰ্থনগৰী হাজোৰ তেতেলীয়াত অৱস্থিত বুঢ়াহৰগৌৰী মন্দিৰৰ শিৱৰাত্ৰি ব্ৰত মহোৎসৱে সততে মনলৈ আনে এক অনন্য  আধ্যাত্মিক  অনুভৱ।য'ত আছে ধৰ্মীয় দৰ্শনৰ পৰম্পৰা,সম্পীতি-সমন্বয়, লোকবিশ্বাসৰ বাংময় প্ৰতিচ্ছবি।গুৱাহাটীৰ কামাখ্যা ধামৰ পিছতে হাজোৰ তেতেলীয়াৰ বুঢ়াহৰগৌৰী মন্দিৰ হৈছে হিন্দু ধৰ্মাৱলম্বী লোকৰ অন্য এক পৱিত্ৰ তীৰ্থস্থান।বছৰৰ সকলো সময়তে এই হৰগৌৰী মন্দিৰলৈ অসমৰ ভিন্ন প্ৰান্তৰ পৰা আগমন হোৱা ভক্ত-দৰ্শনাৰ্থীৰ ভিৰ লক্ষনীয় হৈ আহিছে।মনোস্কামনা পূৰণাৰ্থে এই মন্দিৰলৈ লানি-নিচিগা সোঁঁত বয় ভক্ত - দৰ্শনাৰ্থীৰ।উল্লেখযোগ্য যে ভাৰতৰ ভিন্ন প্ৰান্তত যিসমূহ হৰগৌৰী বাসস্থানৰ থান,আশ্ৰম অথবা মন্দিৰ বিদ্যমান হৈ আছে,প্ৰজাপতি দক্ষ যজ্ঞত      প্ৰাণত্যাগ  কৰা সতীৰ দেহৰ কোনো অংগ পৰা বুলি কৰা বিশ্বাসৰ ভিত্তিত হাজোৰ তেতেলীয়াৰ হৰগৌৰী মন্দিৰতো সতীদেহৰ অংগ পৰিব পাৰে বুলি ভাবিবৰ থল আছে।সতীদেহৰ অংগ অথবা শিৱলিংগৰ অৱস্থানেই যে হৰগৌৰী মন্দিৰৰ অৱস্থান এই কথা অবিশ্বাস কৰিব নোৱাৰি।এই মন্দিৰক কেন্দ্ৰ কৰিয়েই কালক্ৰমত ইয়াত গঢ় লৈ উঠে ধৰ্মীয় অলেখ চিন্তা-চৰ্চা,লোকবিশ্বাস আৰু শিৱৰাত্ৰি মহোৎসৱৰ পৰম্পৰা।এইবেলিও বৰ্ণিল পৰম্পৰাৰে তেতেলীয়া নিজ বাউসী গাঁৱৰ ৰাইজৰ উদ্যোগত অহা ২১ আৰু ২২ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিতব্য মহা শিৱৰাত্ৰি মহোৎসৱৰ চলাইছে ব্যাপক প্ৰস্তুতি।কাৰ্যসূচী অনুসৰি, ২১ ফেব্ৰুৱাৰীৰ পুৱা মন্দিৰত বেদী প্ৰতিষ্ঠা।শিৱ পুৰাণ পাঠৰ পিছতে নগৰ কীৰ্ত্তন উদ্বোধন কৰিব হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই।ইয়াৰ পিছতে ওজাপালি প্ৰদৰ্শন, নিমন্ত্ৰিত অতিথিৰ অভ্যাৰ্থনা, ঢুলীয়াৰ ভাওনা প্ৰদৰ্শন, নাগাৰা নাম প্ৰদৰ্শন আৰু নিশা হোমযজ্ঞ      অনুষ্ঠিত হ'ব।ইফালে দ্বিতীয় দিনা পুৱা মহাভোগ আৰু প্ৰসাদ বিতৰণ,দুপৰীয়া ছোৱালীৰ নাগাৰা নাম প্ৰদৰ্শন কৰা হ'ব বুলি মহা শিৱৰাত্ৰি ব্ৰত মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ৰমেশ কলিতা( সৰু) আৰু সম্পাদক ইন্দ্ৰ কুমাৰ কলিতাই জনাইছে।মহা শিৱৰাত্ৰি ব্ৰত মহোৎসৱ উপলক্ষে সমাবেত হ'ব লগা ভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থী, ভক্তপ্ৰাণ ৰাইজ আৰু বিশিষ্ট ব্যক্তিক আদৰিবলৈ সাজু হৈছে উদযাপন সমিতি।সমান্তৰালভাৱে তীৰ্থনগৰী হাজোৰ কেদাৰ মন্দিৰ,বামুন্দীৰ ধাৰেশ্বৰ দেৱালয়কে ধৰি হাজোৰ ভিন্ন স্থানত শিৱৰাত্ৰি ব্ৰত পালন কৰিবলৈ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।

Your Comments