নৰেন শৰ্মা,বাহাৰঘাট:
বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত শিমলীয়াৰ ভানুকুছিত মঙলবাৰে এজন সুৰাপায়ী ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়।ভানুকুছি নিবাসী দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ৰমাকান্ত কলিতা নামৰ ব্যক্তিজক মঙলবাৰে পাগলাদিয়া নদীৰ ওচৰৰ বাঁঁহনিৰ তলত মৃত অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰাৰ পিছতে অঞ্চলটোত এক উত্তেজনাৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে সুৰা ব্যৱসায়ী প্ৰশান্ত দাস, শ্যামন্ত দাস আৰু উৎপল শৰ্মাৰ ঘৰ লণ্ডভণ্ড কৰাৰ লগতে বৰভাগ মধ্য ইংৰাজী বিদ্যালয়ৰ চকীদাৰ গুণীন বেজবৰুৱাৰ দোকান-ঘৰো ভাঙি বয়-বস্তু লণ্ড-ভণ্ড কৰে। ৰাইজৰ ৰোষত পৰাৰ ভয়ত আটাইকেইজন সুৰা ব্যৱসায়ী পলাই পত্ৰং দিয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰমাকান্ত কলিতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰে। ৰাইজৰ অভিযোগ মতে প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি অঞ্চলটোত দীৰ্ঘদিন ধৰি মদ আৰু জুৱাই পৰিৱেশ বিনষ্ট কৰি আহিছে যাৰ ফলত আজি এনে পৰিস্থিতিৰ সৃষ্টি হয়।আনহাতে,সুৰাৰ ব্যৱসায়ৰ লগত জড়িত থকা বিদ্যালয়ৰ কৰ্মচাৰীজনৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে।
- Log in to post comments
- 79 views