হাজোৰ পৰা কমলাকান্ত দাস:
কাছাৰ জিলাৰ শিলচৰৰ কিশোৰী ছাত্রী এগৰাকী মঙলবাৰে হাজোৰ নদীয়া গাঁৱৰ পৰা উদ্ধাৰ হোৱা ঘটনাত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে।অভিযোগ অনুসৰি,শিলচৰৰ বঙালী সম্প্ৰদায়ৰ নৱম শ্ৰেণীৰ কিশোৰী ছাত্রী এগৰাকীক হাজোৰ ৰামদিয়া-নদীয়া গাঁৱৰ বিক্রম কাকতিৰ পুত্র অৰুণ কাকতিয়ে এসপ্তাহ পূৰ্বে নিজ বাসগৃহত অপহৰণ কৰি ৰাখে।লম্পট চৰিত্ৰৰ অৰুণ কাকতিয়ে গাড়ীৰ চালক হিচাপে শিলচৰত কাম কৰি কিশোৰী ছাত্রীগৰাকীক বলপূৰ্বক গাড়ীত উঠাই নিয়াত পৰিয়ালৰ মাজত হুৱাদুৱা লাগে।ইয়াৰ পিছতে পৰিয়ালৰ লোকে শিলচৰ থানাত এজাহাৰ দাখিল কৰে।এজাহাৰৰ ভিত্তিত শিলচৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৬৬ ধাৰাত ২৯৯/২০ নম্বৰত গোচৰ ৰুজু কৰি জোৰ তদন্ত চলায়।শিলচৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মঙলবাৰে হাজো আৰক্ষীৰ সহযোগত কিশোৰী ছাত্রীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও অপহৰণকাৰী অৰুণ কাকতি সম্প্ৰতি পলাতক অৱস্থাত আছে ।
- Log in to post comments
- 34 views