শিৱসাগৰৰ প্ৰতিবেদক:
শিৱসাগৰ জিলাত শান্তি-শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকা প্ৰকাশ কৰি সমগ্র জিলাখনত তৎকালে বলৱৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত অতিৰিক্ত জিলা দণ্ডাধীশ জুনুমণি সোণোৱালে শেহতীয়াভাৱে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত বেআইনী উদ্দেশ্যেৰে এজন বা ততোধিক লোকৰ সমাৱেশ;কোনো ব্যক্তি, ব্যৱসায়িক প্ৰতিষ্ঠান,কাৰ্যালয় আদিৰ পৰা কোনোধৰণৰ দান-বৰঙণি সংগ্ৰহ কৰা বা ইয়াৰ বাবে ভাবুকি প্ৰদান কৰা; বাট-পথ বা ৰাজহুৱা স্থানত সভা পতা, ধৰ্ণা দিয়া, শোভাযাত্ৰা উলিওৱা বা শ্লোগান দিয়া; ব্যক্তিগতভাৱে বা সমূহীয়াভাৱে কোনো বাট-পথ,কোনো ৰাজহুৱা স্থানত শ্বহীদ বেদী নিৰ্মাণ কৰা,দেৱাল লিখন কৰা,শ্লোগান ছপা কৰি উলিওৱা ইত্যাদি নিষিদ্ধ ঘোষণা কৰা হৈছে। তদুপৰি, বেআইনী কাৰ্যকলাপ, মাৰণাস্ত্ৰ ব্যৱহাৰ, হত্যা, অপহৰণ, লুটপাত আদি ঘটনাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি স্কুটাৰ, মটৰ চাইকেল ইত্যাদিত দুজন আৰোহী যোৱাটো নিষিদ্ধ কৰা হৈছে।অৱশ্যে,দুচকীয়া বাহন চলোৱাৰ ক্ষেত্ৰত ৬০ বছৰ বয়সৰ উৰ্ধৰ ব্যক্তি, ১২ বছৰ বয়সৰ তলৰ শিশু, মহিলা, চৰকাৰী চাকৰিয়াল আৰু আৰক্ষীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব।এই আদেশ সমগ্ৰ শিৱসাগৰ জিলাত তৎকালীনভাৱে বলৱৎ হোৱাকৈ তথা পৰৱৰ্তী ৬০ দিনলৈ বাহাল থাকিব।এই আদেশসমূহ অমান্য কৰাসকল ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি দণ্ডনীয় হ'ব।
- Log in to post comments
- 14 views