কুলদীপ নায়াৰলৈ শ্ৰদ্ধাঞ্জলি ৰঙিয়া আছুৰ

কুলদীপ নায়াৰলৈ শ্ৰদ্ধাঞ্জলি ৰঙিয়া আছুৰ

প্ৰসিদ্ধ সাংবাদিক,ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, লেখক, মানৱাধিকাৰ কৰ্মী কুলদীপ নায়াৰৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো সদৌ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাই ঐতিহ্যমণ্ডিত কৃষক ছহিদ ভৱনৰ সন্মুখত বন্তি প্ৰজ্জ্বালন কৰি বিশিষ্ট ব্যক্তিগৰাকীৰ আত্মাৰ সদ্‌গতি কামনা কৰি মৌন প্ৰাৰ্থনা কৰে । 

সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে বন্তি প্ৰজ্জ্বালন কৰি কয় যে কুলদীপ নায়াৰৰ মৃত্যুত ভাৰতে এজন বলিষ্ঠ সাংবাদিক, লেখকক হেৰুৱালে । অসমৰ সমস্যাক ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰা, অসমৰ সমস্যাৰ সময়ত অসমবাসীৰ কাষত থিয় দিয়া, বিদেশী সমস্যাৰ ভয়াৱহতা উপলব্ধি কৰি কুলদীপ নায়াৰে

কুলদীপ নায়াৰলৈ শ্ৰদ্ধাঞ্জলি ৰঙিয়া আছুৰ

সম আন্দোলনক সমৰ্থন কৰিছিল । লগতে অসমৰ হকে ৰাষ্ট্ৰীয় স্তৰত জনমত গঠন কৰিছিল । নায়াৰে সাংসদ হোৱাৰ পিছত সাংসদ পুঁজিৰ ধন শৈক্ষিক কেন্দ্ৰ স্থাপন কৰিবলৈ দিয়াৰ কথাও তেওঁ ব্যক্ত কৰে ।

বিশিষ্ট সাংবাদিকগৰাকীৰ আত্মাৰ সদ্‌গতি কামনা কৰি ভগৱানৰ ওচৰত দাসে প্ৰাৰ্থনা জনায় । বন্তি প্ৰজ্জ্বালন কাৰ্যসূচীত কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক হেমন্ত দাসে কয় যে কুলদীপ নায়াৰৰ মৃত্যুত ছাত্ৰ সন্থাই এজন অভিভাৱকক হেৰুৱালে ৷

কুলদীপ নায়াৰলৈ শ্ৰদ্ধাঞ্জলি ৰঙিয়া আছুৰ

যিগৰাকী ব্যক্তিয়ে বিদেশী আগ্ৰাসনৰ কথা গম পাই অসম আন্দোলন পূৰ্ণ সমৰ্থন জনাইছিল আৰু অসমৰ সমস্যা ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰিছিল সেইগৰাকী ব্যক্তিৰ মৃত্যুৱে যথেষ্ট ক্ষতি কৰিলে । তেখেতৰ আত্মাৰ শান্তি কামনাৰে তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় । 

বন্তি প্ৰজ্জ্বালন কাৰ্যসূচীত মহকুমা ছাত্ৰ সন্থাৰ সভাপতি হেমেন দাস, শিক্ষা সম্পাদক তৌফিকুৰ ৰহমান, জিলা ছাত্ৰ সন্থাৰ মিন্টু আলীসহ ভালেসংখ্যক আছু কৰ্মী উপস্থিত থাকে । 

কুলদীপ নায়াৰলৈ শ্ৰদ্ধাঞ্জলি ৰঙিয়া আছুৰ
অনুষ্ঠানটো পৰিচালনা কৰে মহকুমাৰ সম্পাদক ভৱজ্যোতি ডেকাই ।

Your Comments