ৰঙিয়াত অচিন্ত্য ভট্টাচাৰ্যৰ মৃত্যুবাৰ্ষিকী পালন

ৰঙিয়াত অচিন্ত্য ভট্টাচাৰ্যৰ মৃত্যুবাৰ্ষিকী পালন

অচিন্ত্য ভট্টাচাৰ্যৰ ২৫সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি চি পি আই (এম)ৰ ৰঙিয়া কাৰ্যালয়ত অচিন্ত্য ভট্টাচাৰ্যৰ জীৱন দৰ্শন আৰু বৰ্তমান সম্পৰ্কত এখন আলোচনা-চক্ৰ অনুষ্ঠিত হয় ।

বীৰেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা-চক্ৰত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিবেকানন্দ অধিকাৰীয়ে ।

অচিন্ত্য ভট্টাচাৰ্যৰ জীৱন-দৰ্শন সম্পৰ্কত চি পি আই (এম)ৰ অসম ৰাজ্যিক মণ্ডলীৰ সদস্য ইচফাকুৰ ৰহমানে বহলাই কয় ।

ৰঙিয়াত অচিন্ত্য ভট্টাচাৰ্যৰ মৃত্যুবাৰ্ষিকী পালন

উল্লেখ্য যে অচিন্ত্য ভট্টাচাৰ্য চি পি আই (এম)ৰ অসম ৰাজ্যিক সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ৷ লগতে এগৰাকী স্বাধীনতা সংগ্ৰামী, জাতি আৰু ভূমি সমস্যাৰ তাত্বিক পণ্ডিত আছিল বুলিও ৰহমানে তেখেতৰ বক্তব্যত প্ৰকাশ কৰে ।

আলোচনা-চক্ৰত বাসুদেৱ কলিতা, ৰঙিয়া পৌৰসভাৰ সদস্য শৰৎ কলিতা, ললিত কলিতাসহ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে ।
 

Your Comments