নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা মাজুলী অগপৰ:সমূহীয়া পদত্যাগৰ ভাবুকি

Pic

ৰাজীৱ পাতিৰ,মাজুলী:

জাতিধ্বংসী বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে ক্ষমতাৰ লালসাত খিলঞ্জীয়াৰ বিৰুদ্ধাচৰণ কৰি বিজেপিৰ সৈতে সহাৱস্থান কৰাৰ সম্পূৰ্ণ বিপৰীত স্হিতি গ্রহণ কৰিছে মাজুলী অগপই । অগপৰ মাজুলী জিলা সমিতিৰ সভাপতি ফণীধৰ টাহু আৰু সম্পাদনক ব্ৰজেন গামে এক বিবৃতিত কয় নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমৰ অসমীয়া জীৱনলৈ অস্তিত্বৰ ভাবুকি সৃষ্টি কৰিব। মুখ্যমন্ত্রীৰ সমষ্টি মাজুলীত শাসনাধিষ্ঠ চৰকাৰৰ সহযোগী আঞ্চলিক ৰাজনৈতিক দল অসম গন পৰিষদে চৰকাৰৰ অংশীদাৰী দল হৈয়ো বিজেপি চৰকাৰৰ জাতিবিদ্বেষী কাম-কাজত অতিষ্ঠ হৈ আজি মাজুলী জিলা অগপই কঠোৰ স্হিতি গ্রহণ কৰিছে । অগপ দলৰ কেন্দ্রীয় সমিতিৰ বিষয়ববীয়াসকলে চৰকাৰখনত মন্ত্রিত্বৰ গাদী লাভ কৰি নিজ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেই কেবৰ সপক্ষে সুৰ মিলোৱা কাৰ্যক কঠোৰ সমালোচনা কৰিছে দলটোৰ তৃনমূলৰ কৰ্মী তথা মাজুলী জিলা সমিতিয়ে। মাজুলী জিলা অগপৰ গড়মূৰস্থ কাৰ্যালয়ত আজি জিলা সভাপতি ফনী টাহুৰ সভাপতিত্বত অনুষ্ঠিত এখন ৰাজহুৱা সভাত কোনোমতেই নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নোলোৱাৰ লগতে কেবাটাও সিদ্ধান্ত গ্রহণৰ লগতে প্ৰয়োজন হ'লে সমূহীয়াকৈ পদত্যাগ কৰাৰো ভাবুকি দিছে দলটোৰ জিলা সমিতিয়ে । জিলা অগপৰ সম্পাদক ব্ৰজেন গামে আঁত ধৰা সভাত উপ-সভাপতি ৰুদ্ৰ শইকীয়াকে মুখ্য কৰি কৃষক পৰিষদৰ সভাপতি-সম্পাদক সকল,মহিলা পৰিষদ, যুৱ পৰিষদৰ বিষয়ববীয়া,জিলাৰ কুৰিখন আঞ্চলিকৰ সভাপতি-সম্পাদক , কৰ্মীসহ প্ৰায় দুই শতাধিক অগপ কৰ্মী উপস্থিত থকা সভাখনিত অগপৰ কেন্দ্রীয় নেতৃত্বৰ কাম-কাজত লজ্জিত হোৱা বুলি ব্যক্ত কৰে জিলা সমিতিয়ে। ৰাইজৰ হাজাৰ দাবী প্ৰতিবাদক নেওচি খিলঞ্জীয়াৰ স্বাৰ্থ বিঘ্নিত কৰা অসম চৰকাৰৰ পক্ষত আজিও একমাত্র ক্ষমতাৰ স্বাৰ্থতে সুৰ মিলোৱা অগপৰ কেন্দ্রীয় নেতৃত্বক সভাত তীব্র সমালোচনা কৰে। সভাত কোনোপধ্যেই কেব মানি নোলোৱা, কেবৰ সমৰ্থনত থিয় দিয়া কোনো কেন্দ্রীয় বা ৰাজ্যিক নেতাৰ সপক্ষত নথকা আৰু কেব বিৰোধী অৰাজনৈতিক সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীত অগপ মাজুলী জিলা সমিতিয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই যাব । উল্লেখ্য যে যোৱাটো ২০১৬ ৰ বিধান সভাৰ নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক মাজুলীৰ পৰা বিপুল ভোটত জয়ী কৰি দিছপুৰলৈ নিৰ্বাচিত কৰিছিল ।

Your Comments