নলবাৰীৰ ৮৬ সংখ্যক ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰি মন্দিৰ ৰাস মহোৎসৱ আৰম্ভ 

Pic

নলবাৰীৰ পৰা হেমন্ত কলিতা:

শৰতৰ জ্যোৎস্না বিধৌত মঙলবাৰৰ সন্ধিয়া  হাজাৰ-হাজাৰ লোকৰ ব্যাপক উলহ মালহৰ মাজত আৰম্ভ হয় ঐতিহ্যমণ্ডিত নলবাৰীৰ ৰাস মহোৎসৱ। নলবাৰী গৰ্ডন স্কুল খেলপথাৰৰ পৰা এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আহি নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰত তেৰদিনীয়া ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উদ্যোগ, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। উদ্বোধনী ভাষণ প্ৰসংগত পাটোৱাৰীয়ে জ্ঞান মাৰ্গ,কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গৰ বিষয়ে উল্লেখ কৰি কয় যে ভক্তি মাৰ্গৰ জৰিয়তে ৰাস পালন কৰা হৈছে। ভক্তি মাৰ্গক শ্ৰেষ্ঠ পথ বুলিও তেওঁ কয়।ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক অশোক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই কয় যে হৰিমন্দিৰৰ ৰাস মহোৎসৱ নলবাৰীৰ স্বাভিমান, গৌৰৱ আৰু জীৱনৰেখা। এই ৰাসে  সনাতন সংস্কৃতিক আৰু অধিক উজ্জ্বল কৰিছে বুলি তেওঁ উল্লেখ কৰে ৷

Pic

অনুষ্ঠানত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অমলেন্দু চক্ৰৱৰ্তী, পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, বিধায়ক নাৰায়ণ ডেকা আৰু ৰঙিয়া এন এফ ৰে’লৱেৰ মাণ্ডলিক প্ৰৱন্ধক ভি এ মলেগৱংকাৰ উপস্থিত থাকে। অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন কৰে জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীয়ে। স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে।

Pic

উত্তৰ-পূব ভাৰতৰ ধাৰ্মিক আৰু সাংস্কৃতিক অনুষ্ঠানসমূহৰ অন্যতম নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰত ১৯৩৩ চনৰে পৰা নিৰৱচ্ছিন্নভাবে উদযাপন হৈ আহিছে ৰাস মহোৎসৱ৷
নলবাৰী ৰাস মহোৎসৱ মৃন্ময় মূৰ্তি প্ৰধান। ভগৱান শ্ৰীকৃষ্ণই গোপিনীসকলৰ লগত কৰা ৰাস ক্ৰীড়া মৃন্ময় মূৰ্তিৰ সহায়ত দাঙি ধৰা হয়। এইবাৰো ৰামায়ন,মহাভাৰত, পুৰাণ আদিৰ কাহিনী, আখ্যান, উপাখ্যান ৮২ টা ষ্টলত স্থাপন কৰা প্ৰায় তেৰশ মৃন্ময় মূৰ্তিৰ জড়িয়তে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে ৷

Your Comments