ধলাইবিলত সৃজনী জাতীয় বিদ্যালয়ৰ অষ্টম বাৰ্ষিক সপ্তাহ সমাৰোহ সম্পন্ন 

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা:

শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিৰ অন্তৰ্গত ধলাইবিলস্থিত সৃজনী জাতীয় বিদ্যালয়ত মঙলবাৰে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী সম্পন্ন কৰি বুধবাৰে অষ্টম বাৰ্ষিক বিদ্যালয় সপ্তাহ সমাৰোহ সম্পন্ন হয় । ২০০৮ বৰ্ষত প্ৰতিষ্ঠা হোৱা সৃজনী জাতীয় বিদ্যালয়খনত আজি অষ্টম বাৰ্ষিক বিদ্যালয় সপ্তাহ সমাৰোহৰ মূল সভাত সভাপতিৰ আসন অলংকৃত কৰে টুপিয়া পাঁচগাঁও একাডেমীৰ অধ্যক্ষ অশোক কুমাৰ দাহালে, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কমল ফুকন আৰু লাহৰী বৰা হাজৰিকা । উক্ত মূল সভাখনৰ মঞ্চ উদ্বোধন আৰু বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মুনমী বৰা বৰঠাকুৰৰ লগত কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীসকলে । তাৰ পিছত বিদ্যালয়ৰ ছাত্ৰী তৃষা গায়নে পৰিৱেশন কৰা বৰগীতৰে শুভাৰম্ভ কৰে । পৰৱৰ্তী পৰ্যায়ত বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্যৰ লগতে কবিতা আবৃত্তি, গীত, নাটক, দলীয় নৃত্য, সমবেত সঙ্গীত, সাধু কথা, নামনি অসমৰ  লোক উৎসৱ মহোহো পৰিৱেশন কৰে।সভাত প্ৰাচীৰ পত্ৰিকা আৰু হাতে লিখা আলোচনী উন্মোচন কৰে বিশিষ্ট অতিথি কমল ফুকনে । তেওঁ ভাষন প্ৰসংগত কয়-'অসমীয়া জাতিক জীয়াই ৰাখিবলৈ বৰ্তমানৰ নৱপ্ৰজন্মৰ বাবে জাতীয় বিদ্যালয়ৰ সৃষ্টি হৈছে।অভিভাৱকসকলে নৱপ্ৰজন্মক   মাতৃভাষাৰ শিক্ষাদানত গুৰুত্ব প্ৰদান কৰিব লাগিব।'সভাত বঁটা বিতৰণী কাৰ্যসূচীৰ  পিছত  বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দিহা নাম, দলীয় নৃত্য, একাঙ্কিকা নাট 'গৃহাশ্ৰম' আৰু 'জোনাক হেনো নামি আহে এই বাটেদি', ৰাভা সঙ্গীত,গীতৰ শৰাইত গীত পৰিৱেশন কৰে ৰিদম তামুলী আৰু মোহিত মূৰ্মূয়ে।আমন্ত্ৰিত নৃত্য শিল্পী চুনম কলিতা আৰু জাহ্নৱীয়ে নৃত্য  পৰিৱেশন কৰে।

Your Comments