২০১৭ বর্ষত দেশৰ ভিতৰতে সর্বাধিক ৰাষ্ট্ৰদ্রোহৰ গোচৰ ৰুজু হৈছিল অসমত,দ্বিতীয় স্থানত আছে হাৰিয়ানা

সোণোৱাল চৰকাৰৰ আমোলত ২০১৭ বর্ষত দেশৰ ভিতৰতে  সর্বাধিক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হৈছিল অসমত।নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ'ৱে এবছৰ পলমকৈ প্ৰকাশ কৰিছে ২০১৭ বর্ষৰ তথ্য।'ক্ৰাইম ইন ইণ্ডিয়া ২০১৭' শীর্ষক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি উক্ত বর্ষত দেশৰ ভিতৰতে ৰাষ্ট্ৰদ্রোহৰ সৰ্বাধিক গোচৰ ৰুজু হৈছে অসমত।অসমত ১৯ টাকৈ ৰাষ্ট্ৰদ্রোহৰ গোচৰ ৰুজু হোৱাৰ বিপৰীতে ১৩ টাকৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজুৰেে দ্বিতীয় স্থানত আছে হাৰিয়ানা।

ইফালে, মন কৰিব লগীয়া কথা এই যে যথেষ্ট অশান্তি থকা স্বত্বেও জম্মু- কাশ্মীৰত উক্ত বর্ষত ৰাষ্ট্ৰদ্রোহৰ গোচৰ কৰা ৰুজু হৈছিল মাত্ৰ এটা।

২০১৬চনত সোণোৱাল চৰকাৰৰ পৃষ্ঠপোষকতাত চৰকাৰী নীতিক সমালোচনা কৰা ব্যক্তিৰ ওপৰত বলপূৰ্বকভাৱে বহুসময়ত ৰাষ্ট্ৰদ্রোহৰ গোচৰ ৰুজু কৰা হৈছিল বুলি অভিযোগ উঠিছিল।

ইফালে,বিধানসভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত বিজেপি চৰকাৰ গঠন হোৱাৰে পৰা অৰ্থাৎ ২০১৬ চনৰ পৰা ২০১৯ বর্ষৰ ফ্ৰেব্ৰুৱাৰীলৈকে ২৫১টা ৰাষ্ট্ৰদ্রোহৰ গোচৰ ৰাজ্যত ৰুজু কৰা হৈছে।

Your Comments