বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰৰ প্রতিবেদন :
ৰাজ্যৰ অৰ্থনৈতিক ভাৱে পিছ পৰা মহিলা সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে অসম চৰকাৰে প্ৰৱৰ্তন কৰা অন্যতম এখনি আঁচনি হৈছে কনকলতা মহিলা সাৱলীলকৰণ যোজনা ৷ এই আঁচনিৰ বিষয়ে মহিলা আত্মসহায়ক গোটৰ সদস্যা সকলক সজাগ কৰাৰ বাবে বৃহস্পতিবাৰে বৰপেটাৰোড সাহিত্য সভা ভৱনত এখনি সজাগতা সভা অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি বিধায়ক ৰনজিৎ কুমাৰ দাসে ৰাজ্য চৰকাৰে কনকলতা মহিলা সাৱলীলকৰণ যোজনাৰ জৰিয়তে লোৱা বিভিন্ন পদক্ষেপৰ ওপৰত বহলাই ব্যাখ্যা কৰে ৷ তেওঁ মহিলা সকলৰ লগত এই ক্ষেত্ৰত মত বিনিময় কৰি কয়- সৰভোগ সমষ্টিৰ মহিলা আত্মসহায়ক গোটবোৰে যাতে মুগা কাপোৰ তৈয়াৰ কৰিব পাৰে তাৰ বাবে এক বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ৷ ইতিমধ্যে তাৰবাবে প্ৰায় দুশ গৰাকী মহিলাক নিৰ্বাচন কৰা হৈছে ৷ তেওঁলোকৰ পৰ্য্যায়ক্ৰমে তাঁত শাল আৰু ঋৃণ যোগান ধৰাৰ লগতে প্ৰশিক্ষণো দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ যাতে তেওঁলোকে ব্যৱসায়ীক ভিত্তিত মুগা উৎপাদন কৰি সমষ্টিটোৰ নাম উজলাই তোলাৰ লগতে নিজেও স্বাৱলম্বী হ'ব পাৰে ৷
সভাত গোৱৰ্ধনা ব্লকৰ অন্তৰ্গত ২৪৪টা মহিলা আত্মসহায়ক গোটক প্ৰত্যেক গোটকে দহ হেজাৰ টকাকৈ অনুদান হিচাবে পোৱাৰ বাবে নিৰ্বাচিত কৰা হয় ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও ২০১৮টা মহিলা আত্মসহায়ক গোটক আঁচনিখনৰ জৰিয়তে এনেদৰে অনুদান প্ৰদান কৰা হৈছিল ৷ অসম ষ্টেট লিভলিহুদ মিছনৰ উদ্যোগত আয়োজিত সজাগতা সভাখনত গোৱৰ্ধনা ব্লকৰ এন আৰ এল এমৰ ব্লক প্ৰজেক্ট মেনেজাৰ ৰনজিৎ বড়ো, ব্লক কো- অৰ্ডিনেটৰ শান্তনু বিশ্বাস, বিশিষ্ট সমাজকৰ্মীদ্বয় সুজিৎ সৰকাৰ আৰু জয়গুৰু ঘোষৰ লগতে কাৰ্য্যালয় সহায়ক মৃণাল দেৱনাথে উপস্থিত থাকে ৷
- Log in to post comments
- 4 views