সোণাৰিৰ পৰা ঘন বৰা:
৫৪ বছৰীয়া শাসনৰ সময়ত কংগ্ৰেছে চাহ জনগোষ্ঠীৰ উন্নয়নৰ কথা নাভাবিলে,চাহ শ্ৰমিকৰ মাতৃ-পুত্ৰৰ দুৰৱস্থাৰ কথা নাভাবিলে কংগ্ৰেছে।এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।সোণাৰিত বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সোণোৱালে লগতে কয়-
কংগ্ৰেছৰ দৰে নিকৃষ্ট ৰাজনীতি কৰাৰ মানসিকতা বিজেপিৰ নাই।সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবেহে বিজেপিয়ে ৰাজনীতি কৰে।চাহ শ্ৰমিক নেতা সন্তোষ তপ্নৰ জন্মদিন ২৩ নৱেম্বৰত শ্ৰমিক কল্যাণ দিৱস পালন কৰিব চৰকাৰে।
মুখ্যমন্ত্ৰীৰ লগতে কৃষিমন্ত্ৰী অতুল বৰায়ো বিজেপি প্ৰাৰ্থী সন্দিকৈৰ হৈ প্ৰচাৰ চলায়।
ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁইৰ লগতে বহুকেইগৰাকী বিজেপি আৰু অগপ নেতাই প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে।
সভাত তেৰছ গোৱালা,সঞ্জয় কিষান,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কংগ্ৰছ দলক তীব্ৰ সমালোচনা কৰে।বিজেপিক কংগ্ৰেছে গালি পাৰি জাতিৰ ৰাজনীতি কৰিছে বুলি ভাষণপ্ৰসংগত অভিযোগ উত্থাপন কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই।'কংগ্ৰেছক ভোট দি লাভ নাই, চাহ শ্ৰমিকসকল কংগ্ৰেছৰ বাবে ভোট বেংক।'এই বুলিও মন্তব্য কৰে সাংসদ তাছাই।উল্লেখ্য যে সোণাৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাফুক,বেঙেনাবাৰী,ভজোত প্ৰচাৰ চলায়।
- Log in to post comments
- 7 views