বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন :
ধুবুৰী জিলা চি. পি.আই.(এম),আৰু আৰ. এছ.পি.দলে মুল্যবৃদ্ধি ৰোধ কৰা ,কেন্দ্ৰীয় চৰকাৰে ৰিজাৰ্ভ বেংকৰ পৰা লোৱা ১.৭৬ লাখ কোটি টকাৰ ধনৰাশি ঘৰুৱা চাহিদা বৃদ্ধি আৰু কৰ্মসংস্থান সৃষ্টিৰ বাবে ৰাজহুৱা আঁচনিত বিনিয়োগ কৰা,নিবনুৱাক কৰ্ম সংস্থান দিব নোৱাৰা পৰ্য্যন্ত নিবনুৱা ভাট্টা দিয়া,শ্ৰমিকৰ ন্যুনতম মজুতি মাহিলি ১৮,০০০/-টকা কৰা,চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১/-টকা কৰা আৰু ইতিমধ্যে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা কৰ্মচ্যুত হোৱা শ্ৰমিক-কৰ্মচাৰীৰ জীৱন ধাৰণৰ বাবে উপযোগীকৈ মাহিলী এক মজুৰি নিশ্চিত কৰা। অংগনবাড়ী কৰ্মী-সহায়িকা,ৰন্ধন কৰ্মচাৰী আৰু 'আশা' কৰ্মীসকলক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰা ,বৃদ্ধ আৰু বিধৱা পেঞ্চন মাহিলী অন্ততঃ ৩০০০/-টকা নিৰ্ধাৰণ কৰা,নিবনুৱাক চাকৰী নহলে নিবনুৱা ভাত্তা দিয়া,TET শিক্ষকৰ চাকৰী নিয়মীয়া কৰা,শিক্ষাৰ বাণিজ্য কৰক বন্ধ কৰা,নাৰী নিৰ্যাতন বন্ধ কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত বুধবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চি পি আই (এম),আৰু আৰ এছ পি দলে কেন্দ্ৰীয় চৰকাৰ হায় হায় ধব্বনি দি উত্তাল কৰি তোলে ধুবুৰী জিলাৰ আকাশ বতাহ।
- Log in to post comments
- 8 views