চৰকাৰৰ শ্ৰমিকবিৰোধী নীতিৰ প্ৰতিবাদত নলবাৰীত চি পি আই (এম)ৰ বিক্ষোভ কাৰ্যসূচী 

nlb

 নলবাৰীঃ

জনসাধাৰণৰ ওপৰত গভীৰ আৰ্থিক বোজা জাপি দিয়া তথা দেশৰ আৰ্থিক ব্যৱস্থাক বিপৰ্যয়ৰ গৰাহত পেলোৱা বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে বুধবাৰে নলবাৰীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে চি পি আই (এম)ৰ নলবাৰী জিলা সমিতিয়ে। কৰ্ম সংস্থানৰ সৃষ্টি কৰা, ন্যূনতম মজুৰি প্ৰতিমাহে ১৮ হেজাৰ টকা আদায় দিয়া, ৰাজহুৱা উদ্যোগ বিক্ৰী কৰাটো বন্ধ কৰা, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত বহু সংখ্যক বাওঁপন্থী নেতা কৰ্মীয়ে আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰে।

ইফালে,বিক্ষোভকাৰীসকলে হাতে হাতে ৰঙা পতাকা লৈ নলবাৰী চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰে। বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলা প্ৰতিবাদী সমদলকাৰী সকলে চহৰত চাৰিখন পথ সভাও অনুষ্ঠিত কৰে৷ সভাসমূহত ভাষণ দি চি পি আই(এম)ৰ জিলা নেতা জগত গোস্বামী, উমেশ দত্ত, ৰবীন মিশ্ৰ আৰু চি আই টি ইউৰ নলবাৰী জিলাৰ সভাপতি নৃপেন কলিতাই বিজেপি চৰকাৰৰ শ্ৰমিকবিৰোধী নীতি, ৰাষ্ট্ৰীয় সম্পত্তি ব্যক্তিগতকৰণ কৰা, মূল্যবৃদ্ধি আদিক সমালোচনা কৰি বিক্ষোভ প্ৰদৰ্শন কৰে ৷

Your Comments