শুৱালকুছিত বিদ্যুৎস্পৃষ্ট হৈ শিপিনীৰ মৃত্যু 

শুৱালকুছিৰ পৰা মৃণাল ডেকা:

কামৰূপ জিলাৰ শুৱালকুছি পিক  ৰোডত   কৈলাস দাস(৪০) নামৰ এগৰাকী শিপিনীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় ৷জানিব পৰামতে ,শুৱালকুছি পিকে ৰোডৰ নৱ দেউৰীৰ ঘৰত শিপিনী হিচাপে কাম কৰা কৈলাস দাসে ঘৰৰ চালত জখলাৰে উঠি থাকোতে বিদ্যুতৰ তাৰ লাগি বিদ্যুৎস্পৃষ্ট হয় ৷পিছত পৰিয়ালৰ লোকে শুৱালকুছি প্ৰাথমিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও চিকিৎসালয়তে কৈলাস দাসৰ মৃত্যু হয় ৷মৃত্যুৰ সময়ত তেওঁ  তিনিগৰাকী ছোৱালী সহ পত্নীক ইহসংসাৰত এৰি থৈ যায়৷

 

Your Comments