দেওবাৰে বিশ্ব হৃদৰোগ দিৱস উপলক্ষে গুৱাহাটীত সজাগতামূলক পদযাত্ৰাৰ আয়োজন

Pic

২৯ ছেপ্টেম্বৰত বিশ্ব হৃদৰোগ দিৱস। সমগ্ৰ বিশ্বৰ লগতে অসমতো কাইলৈ পালন কৰা হ'ব 'বিশ্ব হৃদৰোগ দিৱস'।'দ্য হাৰ্ট','সহৃদয় গোষ্ঠী' আৰু দিছপুৰ হাস্পতালে যৌথভাৱে কাইলৈ অৰ্থাৎ দেওবাৰে পালন কৰিব বিশ্ব হৃদৰোগ দিৱস।এই দিৱসৰ লগত সংগতি ৰাখি সংস্থাকেইটাই এটা  সজাগতামূলক পদযাত্ৰাৰ আয়োজন কৰিছে।শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত দিছপুৰ হাস্পতাল,দ্য হাৰ্ট , সহৃদয় গোষ্ঠীৰ কৰ্মীসকলে এই সন্দৰ্ভত এখন সংবাদমেলত এখন সংবাদমেল সম্বোধন কৰে।

দিছপুৰ হাস্পতালৰ হৃদৰোগ বিশেষজ্ঞ বনদ্বীপ চৌধুৰীয়ে কয়-'বৰ্তমান বিশ্বত অন্য ৰোগতকৈ হৃদৰোগ সৰ্বাধিক  জনহানিৰ কাৰকৰূপে বিবেচিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি পৃথিৱীত প্ৰতি বছৰে ১৭.৯ মিলিয়নতকৈও অধিক সংখ্যক মানুহৰ হৃদৰোগত মৃত্যু হৈছে। বিশ্বত বৃদ্ধি হৈছে হৃদৰোগীৰ সংখ্যা।বিশ্বৰ লগতে অসমতো হৃদৰোগীৰ সংখ্যা বৃদ্ধি হৈছে।'

'অধিক নিমখযুক্ত খাদ্য,অত্যধিক তেল- মছলা ,চৰ্বিযুক্ত অখাদ্য, ধঁপাত, মাদকদ্ৰৱ্য সেৱনেই হৃদৰোগৰ মূল কাৰণ। দিনে দিনে হৃদৰোগীৰ সংখ্যা বৃদ্ধি পাইছে'-চৌধুৰীয়ে কয়। 

তেওঁ লগতে কয় যে দিছপুৰ হাস্পতালে ভাৰত চৰকাৰৰ ' অটল অমৃত অভিযান' আৰু 'আয়ুষ্মান ' ভাৰত আঁচনিৰ জৰিয়তে সহস্ৰাধিক দুখীয়া শ্ৰেণীৰ হৃদৰোগীক সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰি আহিছে।এই ব্যাধিৰ গ্ৰাসৰ পৰা দেশক মুক্ত কৰিবলৈ চিকিৎসা প্ৰতিষ্ঠানসমূহৰ লগতে নাগৰিক সমাজো সজাগ-সচেতন হোৱাৰ দৰকাৰ। 

'চৰকাৰেও এই ক্ষেত্ৰত পদক্ষেপ লোৱাটো উচিত। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম মানলৈকে এটাকৈও যদি হৃদৰোগৰ পাঠ ৰাখে,তেনেহলে ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব' বুলিও তেওঁ কয়। 

এই বিশ্ব হৃদ ৰোগ দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে দিছপুুুৰ হাস্পতালৰ পৰা পুৱা ৬ বজাত সজাগতামূলক পদযাত্ৰাৰ আয়োজন কৰা হৈছে বুলিও হৃদৰোগ বিশেষজ্ঞ বনদ্বীপ চৌধুৰীয়ে জানিবলৈ দিয়ে ।

Your Comments