মৰিগাঁৱত বিশ্ব জলাতংক দিৱস পালন

Pic

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

'জানক,জনাওঁক আৰু জীৱন ৰক্ষা কৰক' বাণীৰে শনিবাৰে মৰিগাঁৱত উদযাপন কৰা হয় 'বিশ্ব জলাতংক দিৱস'ৰ।এই উপলক্ষে মৰিগাওঁ ৰাজ্যিক পশু চিকিৎসালয়ৰ উদ্যোগত আৰু মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সহযোগত মৰিগাঁও নগৰৰ পবিতৰা হাটত জলাতংক ৰোগৰ সজাগতা সন্দৰ্ভত অনুষ্ঠিত কৰা হয় এখন সভাৰ। সজাগতা সভাত মৰিগাওঁ জিলা উপায়ুক্ত ঋতুৰাজ বৰাই উদ্ধোধনী ভাষণ প্ৰদান কৰি কয় যে জলাতংক  হৈছে অতি গুৰুত্বপূৰ্ণ ৰোগ।এই ৰোগ প্ৰাৰম্ভিক পৰ্যায়ত গম পোৱা নাযায় যদিও লাহে লাহে ইয়াৰ লক্ষণসমূহ দেখিবলৈ পোৱা যায়।আনকি,  এবছৰৰ পিছতো ইয়াৰ লক্ষণসমূহ দেখিবলৈ পোৱা যায়।এই ৰোগ সংক্ৰমিত হ'লে মানুহ বা অন্যান্য জীৱ-জন্তুৰ জীৱন ৰক্ষা কৰাটো একেবাৰে অসম্ভৱ হৈ পৰে। সেয়ে এই ৰোগৰ ক্ষেত্রত সকলো সজাগ হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। মৰিগাওঁ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই ভাষণ প্ৰদান কৰা  সভাখনত  সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক অৰুণ কুমাৰ নাথ আৰু মৰিগাঁও ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক নীলোৎপল কাকতিয়ে  জলাতংক ৰোগ জীৱ-জন্তু তথা মানুহৰ দেহলৈ সংক্ৰমিত হ'লে কেনে লক্ষণে দেখা দিয়ে আৰু এই ৰোগ  সংক্ৰমিত হোৱাৰ আগতে জীৱ-জন্তু তথা মানুহে কেনেধৰণৰ সাৱধানতা বা সজাগতা অৱলম্বন কৰিব  লাগে,সেই সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়।সভাত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা,উপ-সভাপতি জাকিৰ হুছেইন,সম্পাদক জিতুমণি নাথ,কৰ্মচাৰী পৰিষদৰ সম্পাদক খগেন মহন্ত, সাংবাদিক ৰিতুমণি মহন্ত,কল্পতৰু চৌধুৰী,ৰাতুল ডেকা,সমাজকৰ্মী জীতেন শৰ্মাকে আদি কৰি ভালেকেইজন বিশিষ্ট ব্যক্তিৰ লগতে মৰিগাঁও জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলেও অংশগ্ৰহণ কৰে।

Your Comments