বঙাইগাঁওঃ
এন আৰ চিৰ পৰা বৈধ ভাৰতীয় নাগৰিকৰ নাম বাদ পৰা বুলি বিভিন্ন পক্ষই অভিযোগ উত্থাপন কৰি অহাৰ সময়তে শনিবাৰে কংগ্ৰেছ দলে বঙাইগাঁৱত এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা একাংশ থলুৱা নাগৰিকৰ সৈতে এখন মত বিনিময় সভা অনুষ্ঠিত কৰে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু বঙাইগাঁও জিলা কংগ্ৰেছ কমিটিৰ সহযোগত বঙাইগাঁও চহৰৰ ভাকাৰীভিটাৰ সাত নম্বৰ ৱাৰ্ডত অনুষ্ঠিত এই মত বিনিময় সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ ৰিপুণ বৰা, প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি তথা কংগ্ৰেছ বিধায়িনী দলৰ উপ দলপতি ৰকিবুল হুছেইন, উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰি, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধিকে ধৰি প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও সাধাৰণ সম্পাদক আৰু সম্পাদক উপস্থিত থাকে ৷জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এই মত বিনিময় সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদীপ সৰকাৰে ৷ সভাত দলৰ উপ সভাপতি ৰকিবুল হুছেইনে কয় যে এই সভাখন কংগ্ৰেছ দলৰ সাংগঠনিক দিশৰ কথা- বতৰা কবলৈ অনুষ্ঠিত কৰা সভা নহয় ৷ এই সভাখন হ'ল দল- মত নিৰ্বিশেষে যিসকল বৈধ ভাৰতীয় নাগৰিকৰ নাম সদ্যঘোষিত এন আৰ চিত বাদ পৰিছে, সেই লোকসকলে বৰ্তমান কি কৰিব লাগিব আৰু কংগ্ৰেছ দলে আপোনালোকক কিদৰে সহায় কৰিম এই কথাখিনি ব্যাখ্যা কৰিবলৈহে আহিছো ৷ তেওঁ অসম আন্দোলন, অসম চুক্তি আৰু তাৰ পৰৱৰ্তী সময়ত কেনেকৈ কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৎপৰতাত আছুৰ সৈতে হোৱা আলোচনা, প্ৰধানমন্ত্ৰীস্তৰত হোৱা আলোচনাৰ জৰিয়তে এন আৰ চিৰ কাম আৰম্ভ হৈছিল সেই বিষয়ে উল্লেখ কৰে ৷ লগতে কয় যে পিচত কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ সলনি হোৱাত এন আৰ চি ৰ কাম উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থাকিল ৷ কিন্তু এন আৰ চিৰ খচৰা তালিকা প্ৰকাশ পোৱাৰ পিচত ৪০ লাখ লোকৰ নাম বাদ পৰাত বিজেপিয়ে ভাৰতবৰ্ষত এটা এনেকুৱা পৰিৱেশ সৃষ্টি কৰিলে যে এন আৰ চিৰ জৰিয়তে তেঁওলোকে ৪০ লাখ বিদেশীৰ নাম ধৰা পেলালে ৷ লোক সভাতো বিজেপিৰ নেতৃত্বই কলে ৷ সৃষ্টি হ'ল হুলুস্থুলীয়া পৰিৱেশৰ ৷ অন্যান্য ৰাজ্যতো এন আৰ চি কৰাৰ কথা ঘোষণা কৰিলে ৷ কিন্তু এতিয়া যেতিয়া চূড়ান্ত এন আৰ চিত বাদ পৰা ৪০ লাখৰ ভিতৰত ২১ লাখৰ নাম আহিল আৰু ১৯ লাখৰ নাম বাদ পৰিল,সেই একেই বিজেপিয়ে এতিয়া প্ৰতীক হাজেলাই কৰা বুলি কৈছে ৷ কিন্তু প্ৰতীক হাজেলাই কাৰোবাৰ নাম কাটিব পাৰে নেকি বুলি প্ৰশ্ন কৰে।আমি সমস্যাটোৰ বাস্তৱ সমাধান কৰিব বিচাৰিছো ৷ আমি কংগ্ৰেছ দলে কথা দিছো যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত সতি- সন্ততি লৈ অহা প্ৰতিজনৰ নাম এন আৰ চি ত অন্তৰ্ভুক্ত হ'ব লাগিব ৷ আমাৰ কথা স্পষ্ট যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিচত অহা এজনো লোকৰ নাম যেনেকৈ এন আৰ চিত থাকিব নোৱাৰিব, ঠিক তেনেকৈ ৭১' চনৰ ২৫ মাৰ্চৰ আগত অহা প্ৰতিজন লোকৰ নাম এন আৰ চি ত অন্তৰ্ভুক্ত হ'ব লাগিব ৷ আজি বৈধ ভাৰতীয়সকলৰ নাম বাদ পৰাত তেওঁলোকৰ মাজত হাহাকাৰ অৱস্থা হৈছে ৷ বিজেপিক ভোট দিয়া লোকসকলো আজি হাহাকাৰ কৰিছে ৷ কিন্তু চিন্তা কৰিব নালাগে ৷ বাদ পৰা বৈধ ভাৰতীয় লোকসকলক আমি সহায় কৰিম , আইনী সাহাৰ্য দিম ৷ উপ সভাপতি হুছেইনে সভাত এন আৰ চিত নাম বাদ পৰা বৈধ ভাৰতীয় লোকসকলক কিদৰে সহায় কৰিব, লোকসকলে কেনেকৈ আগবাঢ়িব লাগিব, ডি ভোটাৰ সকলে কি কৰিব লাগিব আৰু নালাগিব সেই বিষয়ে উল্লেখ কৰে ৷ লগতে বিজেপি দলে ৰাইজক বিভিন্ন প্ৰতিশ্ৰুতি দি শাসনলৈ অহাৰ পিচত প্ৰৱঞ্চনা কৰা বুলি সমালোচনা কৰে ৷ সেইদৰে অগপ দলক সমালোচনা কৰি কয় যে চৰকাৰত দলটোৰ যি তিনিজন মন্ত্ৰী আছে তেওঁলোক প্ৰয়োজনত বিজেপিত যোগদান কৰি দিব ৷ মন্ত্ৰী লাগে তেওঁলোকক ৷ তেওঁলোকক অসম চুক্তি নালাগে ৷ আমি কংগ্ৰেছ দলে সকলো জাতি- ধৰ্মৰ কথাৰ পৰা উৰ্ধত থাকি প্ৰতিজন বৈধ ভাৰতীয় নাগৰিকৰ কাষত থাকিব ৷ প্ৰতিজন ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা বৈধ ভাৰতীয়ৰ নাম এন আৰ চি ত অন্তৰ্ভুক্ত কৰাৰ বাবে যুঁজ দিব বুলি কয় ৷ সভাত বৈধ নথি- পত্ৰ থকাৰ পিচতো এন আৰ চিৰ তালিকাৰ পৰা নাম বাদ পৰা কেইবাগৰাকী লোকে নাম বাদ পৰাৰ কথা উল্লেখ কৰে ৷ সভাত জিলা কংগ্ৰেছৰ আইনী কোষৰ সভানেত্ৰী তথা অধিৱক্তা জয়শ্ৰী বৰুৱাই নাম বাদ পৰা বৈধ ভাৰতীয় লোকসকলক শংকিত নহবলৈ আহ্বান জনাই কিদৰে সহায় কৰিব সেই বিষয়ে উল্লেখ কৰে ৷ আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই সভাত কয় যে কংগ্ৰেছ দলে এন আৰ চিৰ পৰা বাদ পৰা বৈধ ভাৰতীয় নাগৰিকসকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আইনী প্ৰক্ৰিয়া আৰু ৰাজনৈতিকভাৱে আগবাঢ়িব ৷ তেওঁ লগতে কেনেকৈ লোকসকলে আগবাঢ়িব লাগিব আদি সকলো দিশ সম্পৰ্কে বিতংভাৱে উল্লেখ কৰে ৷ সভাত জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এন এছ ইউ আই, সেৱা দলৰ বিষয়ববীয়াসকলো উপস্থিত থাকে ৷
উল্লেখ্য যে বঙাইগাঁৱৰ সাত নম্বৰ ৱাৰ্ডৰ ভালেসংখ্যক লোকৰ নাম বাদ পৰিছে বাবে সভাখন তাতে অনুষ্ঠিত কৰা বুলি কয় জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে ৷ ইপিনে সভাৰ পিচত বঙাইগাঁও আৱৰ্ত ভৱনত সাংবাদিকৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা যিটো আমাৰ এন আৰ চিৰ অসম যাত্ৰা গোটেই অসম জুৰি আৰম্ভ কৰিছো ৷ প্ৰথম পৰ্যায় ইতিমধ্যে আমাৰ উজনি অসমৰ যাত্ৰা সমাপ্ত হৈছে ৷ আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটা উচ্চস্তৰীয় দল বঙাইগাঁও জিলালৈ আহিছো আৰু ইয়াৰ পৰা আমি বকোত যাম ৷ বঙাইগাঁও জিলাত যিসকল বৈধ ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে সেই লোকসকলৰ লগত মত বিনিময় কৰিলো আৰু তেওঁলোকক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিয়া হ'ল ৷ এই মত বিনিময় অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি তথা উপ দলপতি ৰকিবুল হুছেইন, বিধায়ক আব্দুল হাইনাগৰি, আইন বিভাগৰ অধিবক্তাসকলকে ধৰি কংগ্ৰেছ দলৰ বহু কেইগৰাকী বিষয়ববীয়া আছিল ৷ আমি ৰাইজক স্পষ্টভাৱে কৈছো যে আমাক ভোট দিয়ক বা নিদিয়ক সেইটো আমাৰ বিচাৰ্য নহয় ৷ আমাৰ কংগ্ৰেছ দলৰ কথা হৈছে কোনো ভাৰতীয় নাগৰিকৰ নাম যাতে কোনো কাৰণতে এন আৰ চিৰ পৰা বাদ নাযায় সেই কথাটো নিশ্চিত কৰিবৰ কাৰণে আমি ইয়ালৈ আহিছো ৷ লগতে এই নাম বাদ পৰা ভাৰতীয় নাগৰিকসকলক নিৰ্ভয় দিবলৈ তথা কংগ্ৰেছ দল যে তেওঁলোকৰ লগত আছে আৰু সদায় থাকিব সেই অভয় দিবলৈ,আমি আহিছো ৷ ভাৰতীয় নাগৰিকক সকলো ৰক্ষণা-বেক্ষণ দিবলৈ কংগ্ৰেছ দল সদায় থাকিব বুলিও কয় ৷ আনহাতে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষকে এগৰাকী কাৰ্যবাহী দণ্ডাধীশক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত্তোৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে আচলতে আইন কোনেও হাতত তুলি ল'ব নোৱাৰে ৷ এছ পিয়ে হওক বা আন কোনোবাই হওক আইন হাতত তুলি ল'ব নোৱাৰে ৷ তাৰোপৰি এওঁলোক হ'ল আইনৰ ৰক্ষক ৷ আইনৰ ৰক্ষকেই যদি আকৌ আইন ভংগ কৰে তেতিয়াহ'লে এইটো অতি আশ্বৰ্যজনক কথা ৷ আমি চৰকাৰৰ ওচৰত সমগ্ৰ ঘটনাটোৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে বুলি দাবী জনাইছো আৰু উপযুক্ত ব্যৱস্থা ল'ব লাগে ৷ আজি অসম তথা সমগ্ৰ ভাৰতত সাধাৰণ লোকৰ নিৰাপত্তা নোহোৱা হৈছে ৷ কেৱল একনায়কত্ববাদ চলিছে ৷ প্ৰশাসনৰ ওপৰত চৰকাৰখনৰ কোনো নিয়ন্ত্ৰণ নাই আৰু বহু ক্ষেত্ৰত প্ৰশাসনক চৰকাৰখনে অপব্যৱহাৰ কৰিছে ,উচতনি দিছে আৰু নিজৰ উদ্দেশ্যত ব্যৱহাৰ কৰিছে ৷ গতিকে এনেকুৱা বহুতো উদাহৰণ আছে ৷ সেইদৰে বি টি এ টি নিৰ্বাচন সন্দৰ্ভত কয় যে এতিয়া নিৰ্বাচন দেৰি আছে ৷ অহা এপ্ৰিল মাহত হ'ব ৷ কিন্তু আমি প্ৰস্তুতি চলাই আছো ৷ আমাৰ ৰাইজৰ মাজত যিখিনি প্ৰস্তুতি চলাব লাগে চলাই আছো ৷ নৱ শৰণীয়াৰ সৈতে কংগ্ৰেছৰ কিবা আলোচনা চলিছে নেকি বুলি সাংবাদিকে সোধাত সেয়া সময়ত দেখা যাব কি হয় বুলি কয় ৷ আনহাতে অভিযুক্তক বিচাৰি গৈ আৰক্ষীয়ে নিৰীহ মহিলাক আক্ৰমণ কৰাৰ যি ঘটনা সংঘটিত হৈছে সেই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত সভাপতি বৰাই কয় যে এনেকুৱা ঘটনা এইটোৱে প্ৰথম নহয় ৷ এনেকুৱা বহু ঘটনা কেৱল অসমতে নহয় গোটেই দেশতে হৈছে ৷ আজি উৰা বাতৰি নিৰপৰাধী মানুহক গছত বান্ধি মৰিয়া মৰিয়াই বহু ঠাইত হত্যা কৰা হৈছে ৷ স্মাৰ্ত পুলিচৰ নামত অত্যাচাৰ হৈছে ৷ গোটেই দেশতে উৰা বাতৰিক ভিত্তি কৰি দলবদ্ধ জনতাৰ দ্বাৰা বহু ঘটনা সংঘটিত হৈছে ৷ এতিয়া কোনো আইন নাই ৷ কাৰ্বি আংলঙতো এনে ঘটনা সংঘটিত হৈ গৈছে ৷ গতিকে এইবিলাকৰ বহু ক্ষেত্ৰত ৰক্ষকে ভক্ষক হৈছে আৰু চৰকাৰখনে নীৰৱ দৰ্শকৰ ভূমিকা লৈছে ৷ এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু আমি কংগ্ৰেছ দলে এনেকুৱা কথাবিলাকক গৰিহণা দিছো ৷ ইপিনে উপ সভাপতি ৰকিবুল হুছেইনে কয় যে আজি এন আৰ চিত বহু বৈধ ভাৰতীয়ৰ নাম নাই ৷ ভাষিক সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু, কোচ ৰাজবংশী তথা ইয়াৰ অন্যান্য ভূমিপুত্ৰসকলৰ নাম এন আৰ চি ত নাই ৷ কিন্তু বিজেপিয়ে বিদেশী সমস্যাটো জীয়াই ৰাখিবলৈ বিচাৰে, সমাধা কৰিবলৈ নিবিচাৰে ৷ সেই কাৰণে তেওঁলোকে এই সমস্যাটো যাতে জীয়াই থাকে আৰু ধুৱলি কুৱলি পৰিৱেশ সৃষ্টি হয় তথা নিৰ্বাচনৰ আগতে কোৱা কথাখিনি যাতে কাৰ্যত পৰিণত কৰা নাই বুলি নাভাৱে তাৰ কাৰণে এনে পৰিৱেশৰ সৃষ্টি কৰিছে ৷ তাৰোপৰি মানুহে যাতে জীৱন মৰণকলৈ ব্যস্ত থাকে, মানুহৰ যাতে অৰ্থনৈতিক অৱস্থাৰ কথা মনলৈ নাহে, গেছৰ দাম কমাব বুলি কোৱা, চাকৰি দিম বুলি কোৱা আদি কথাবোৰ যাতে মনা নাহে তাৰ বাবে এন অৰ চিৰ জৰিয়তে এটা ধুৱলি- কুৱলি পৰিৱেশৰ সৃষ্টি কৰিছে ৷ আমি ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগতে অহা সকলো লোকৰ নাম এন আৰ চি ত অন্তৰ্ভুক্ত কৰাৰ বাবে দৃঢ় প্ৰতিজ্ঞাৱদ্ধ আৰু ৭১'ৰ ২৫ মাৰ্চৰ পিচত অহা প্ৰতিজন লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিব লাগিব আৰু এইটো অসম চুক্তি মতে হোৱাতো আমি বিচাৰো ৷ উল্লেখ্য যে শেহতীয়াভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনিৰ বাবে চৰ্চা তলা বুলি সাংবাদিকে প্ৰশ্ন কৰাত ৰকিবুল হুছেইনে অস্বীকাৰ কৰে ৷
- Log in to post comments
- 47 views