ভাৰতীয় সাহিত্যত মহিলা সাহিত্যিকৰ ৰচনাশৈলী শীৰ্ষক নগাওঁ কলেজত মনোজ্ঞ আলোচনাচক্ৰ 

nagaon

নগাৱৰ পৰা ৱাহিদুদ জামানৰ প্রতিবেদন:  

প্ৰাক বৈদিক যুগৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে মহিলা লেখিকাৰ ৰচনাশৈলীৰ ওপৰত এক মনোজ্ঞ আলোচনা আজি নগাঁও কলেজত অসম সাহিত্য সভাৰ শাখা, শংকৰদেৱ সাহিত্য চ'ৰা আৰু কলেজৰ অসমীয়া বিভাগৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা বিশিষ্ট লেখিকা পদ্মশ্ৰী সন্মানপ্ৰাপ্ত ড০ জয়শ্ৰী গোস্বামী মহন্তই এই আলোচনা চক্ৰখন উদ্বোধন কৰি কয় যে মহিলা লেখিকা সকলৰ লেখনিত সংগ্ৰামৰ ইতিহাস লিপিবদ্ধ হৈছে। যুগে যুগে নিৰ্যাতিত, অৱহেলিত নাৰীসকলে মুক্তিৰ বাবে হাতত কলম তুলি লৈছে। মহিলা লেখিকা সকলক ধুমুহাৰ গতিত আগবাঢ়ি আহিবলৈ আহ্বান জনাই ড০ গোস্বামী মহন্তই কয় যে পুৰুষ সাহিত্যকৰ লেখনিত নাৰী সদায় দু:খুনী,অসহায় অৱলা বুলি দেখুওৱা হৈছে। ৰামায়ণৰ সীতা, মহাভাৰতৰ দ্ৰৌপদী বা গান্ধাৰীক যিদৰে অংকিত কৰা হৈছে মহিলা লেখিকাই যদি ৰামায়ণ, মহাভাৰত লিখিলেহেঁতেন তেওঁলোকক অন্য ৰূপত অংকন কৰিলেহেঁতেন। ড০ গোস্বামী মহন্তই আৰু কয় যে ভাৰতীয় সাহিত্যক বিশ্ব সাহিত্যৰ জগতলৈ বহুতো মহিলা লেখিকাই নিজস্ব শৈলীৰে লৈ যাবলৈ সক্ষম হৈছে। ভাষা কোনো ক্ষেত্ৰত প্ৰাচীৰ হ'ব নোৱাৰে। অনুবাদৰ জৰিয়তে অসমীয়া ভাষাৰ ৰচনা বিশ্ব সাহিত্যলৈ নিব পাৰি। নগাঁও কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীৰ পৌৰোহিত্যত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত ড০ গোস্বামী মহন্তই আৰু কয় যে পঢ়ুৱৈ সকলেই হৈছে সাহিত্যৰ আচল সমালোচক। আলোচনাচক্ৰ খনিৰ সাংগঠনিক সম্পাদক ড০ ভুবন চন্দ্ৰ চুতীয়াই আঁত ধৰা এই অনুষ্ঠানত ড০ ৰাম প্ৰসাদ পাওৰেল আৰু ড০ চিৰাজুল ইছলামে অংশ গ্ৰহণ কৰে। অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে আদৰণি ভাষণত কয় যে মহিলা লেখিকাসকলৰ সৃষ্টিৰাজি পুৰুষ লেখকৰ সৃষ্টিৰাজিৰ বেলেগে বিশ্লেষণ কৰা কঠিন যদিও কেবল মহিলা লেখিকাসকলৰ সৃষ্টিশৈলী এক তুলনামূলক অধ্যয়ন বেলেগে কৰিব পৰা সুযোগ আছে। ড০ বৰকটকীয়ে অৰুন্ধতী ৰয়, মামনি ৰয়ছম গোস্বামী, অৰূপা পতংগীয়া কলিতা আদি সাহিত্যিকৰ সৃষ্টিৰাজিৰ শৈলীৰ বিষয়ে ব্যাখ্যা কৰি কয় যে বতৰ্মান বিশ্বৰ পাঠকসকল মহিলা লেখিকাৰ সৃষ্টিৰাজিৰ প্ৰতি বেছি আকৰ্ষিত হৈছে। আলোচনাচক্ৰৰ আন এগৰাকী সাংগঠনিক সম্পাদক কৰবী দেৱীয়ে জানিবলৈ দিয়ে যে এই আলোচনা চক্ৰত ৭৫ খন গৱেষণা পত্ৰ পাঠ কৰে আৰু শতাধিক বিভিন্ন কলেজ আৰু গৱেষক ছাত্ৰই অংশ গ্ৰহণ কৰে। কৰবী দেৱীয়ে লগতে জানিবলৈ দিয়া মতে ইংৰাজী বিভাগৰ উপশাখাত অধ্যাপিকা লীৰা নেওগ, অসমীয়া বিভাগৰ উপশাখাত দীপক বৰা আৰু বঙালী বিভাগৰ উপশাখাত ড০ সঞ্জয় দে আৰু হিন্দী বিভাগৰ উপশাখাত ড০ দিলীপ শৰ্মাৰ অধ্যক্ষতাত গৱেষকসকলে গৱেষণা পত্ৰ পাঠ কৰে। আলোচনাচক্ৰৰ সামূহিক সিদ্ধান্ত সমূহ  আনুষ্ঠানিক  ভাৱে ড০ অনন্যা হিলৈদাৰয়ে সাৰাংশ হিচাপে  দাঙি ধৰে। অধ্যাপিকা কল্পনা হাজৰিকা গায়নৰ উপস্থিতিত ড০ হিলৈদাৰীয়ে কয় যে মহিলা সাহিত্যিক সকলে তেখেত সকলৰ ৰচনাত নাৰীৰ মনস্তত্বৰ জীয়া ছবি অংকন কৰিবৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে। তেওঁলোকৰ কথকতাত নাৰী জীৱনৰ তথা মনস্তত্বৰ বিভিন্ন জটিলতা উপস্থাপিত হৈ আহিছে। আলোচনা চক্ৰত সামূহিক সিদ্ধান্ত হিচাপে প্ৰকাশ কৰে যে ভাৰতৰ বিভিন্ন ভাষাত লিখিত আৰু ভাৰতীয় লেখকৰ দ্বাৰা সৃষ্ট ইংৰাজী সাহিত্য নিৰ্বিশেষে এই কথা লক্ষ্য কৰা যায় যে পুৰুষ তান্ত্ৰিক সমাজত নাৰীৰ স্থানৰ পৰা আৰম্ভ কৰি লিঙ্গ  নিৰ্বিশেষে যি সমূহ আৰ্থ সামাজিক সমস্যাৰ অভিজ্ঞতা ব্যক্তিয়ে অনুভৱ কৰে, তাৰ উপস্থাপন দেখা যায়। সাধাৰণতে নাৰী লেখকৰ লিখনিত দেখা যায় নাৰীয়ে মুখ্য চৰিত্ৰ হিচাপে আত্মপ্ৰকাশ কৰে আৰু নাৰী লেখকৰ দ্বাৰা লিখিত লেখনি দূৰ বা নিকটৱৰ্তী ইতিহাস কেন্দ্ৰীক হ'লে মুখ্য চৰিত্ৰ নাৰী হোৱা দেখা যায়। শেষত অধ্যাপিকা কৰবী দেৱীয়ে শলাগৰ শৰাই আগবঢ়ায়।

Your Comments