কেন্দ্ৰীয় মন্ত্ৰী ডি ভি সদানন্দ গৌড়াৰ নামৰূপ আগমনত 'আছু'ৰ প্ৰতিবাদী কাৰ্যসূচী

Namrup

নামৰূপৰ পৰা সমীৰণ বৰুৱা

কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী ডি ভি সদানন্দ গৌড়াৰ বৃহস্পতিবাৰে নামৰূপ আগমনত সদৌ অসম ছাত্ৰ সন্থাই  বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ কেবিনেট অনুমোদন আৰু দ্বিতীয়, তৃতীয় গোটৰ মেৰামতি বাবে আৰ্থিক অনুদান প্ৰদানৰ দাবীত ডিব্ৰুগড় জিলা 'আছু'ৰ উদ্যোগত তথা জিলাৰ বিভিন্ন সমিতিৰ সহযোগত অনুষ্ঠিত উক্ত বিশাল প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Namrup

ধৰ্মঘটত প্ৰতিবাদকাৰীয়ে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট অতি শীঘ্ৰে স্থাপন কৰক,ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্ল'গানেৰে আকাশ- বতাহ কঁপাই তোলে।

 

Your Comments