সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ ২০১৯-২১ বৰ্ষৰ নতুন সমিতিখন যোৱা ১৫ ছেপ্টেম্বৰত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত বিপণন ক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সাধাৰণ সভাত গঠন কৰা হয়।কবি নিবেদন দাস পাটোৱাৰীক সভাপতি; মৌচুম বুঢ়াগোহাঁইক সম্পাদক;চামচুল হক,শিখা বেজবৰুৱা গোস্বামী আৰু জুৰি গোস্বামীক উপ-সভাপতি;সহকাৰী সম্পাদক হিচাপে বেবীৰাজ ৰাজখোৱা তথা অন্যান্য বিষয়ববীয়াসকলক লৈ ২০১৯-২১ বৰ্ষৰ নতুন সমিতিখন গঠন কৰা হয়।সাধাৰণ সভাৰ পূৰ্বে কামৰূপ মহানগৰ কবি সন্মিলনৰ বিগত কাৰ্যকালৰ সভাপতি চামচুল হকৰ সভাপতিত্বত কার্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়।কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ বিগত কাৰ্যকালৰ সম্পাদক জোনালী মজুমদাৰে উদ্দেশ্য ব্যাখ্যা কৰা কার্যনিৰ্বাহক সভাত বিশিষ্ট কবি তথা সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আনিছ উজ জামান,বিশিষ্ট কবি-অনুবাদক বিপুল দেউৰী,কবি চামচুল হক,কবি নিবেদন দাস পাটোৱাৰীয়ে কাব্য সাহিত্য আৰু কবি সন্মিলনৰ সাংগঠনিক দিশ সন্দৰ্ভত মূল্যৱান বক্তব্য প্ৰদান কৰে।কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মদাৰজ্যোতি।
- Log in to post comments
- 45 views