লাহৰীঘাটৰ পৰা স্বামিমুল ইছলাম
মৈৰাবাৰী আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সাফল্য।বৃহস্পতিবাৰে পুৱতি নিশা দুৰাবান্ধি বিল গাঁৱৰ মণিৰ উদ্দিন নামৰ ড্ৰাগছ মাফিয়াটোৰ ঘৰৰ পৰা মৈৰাবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ নিচাজাতীয় দ্ৰব্য। গ্ৰেপ্তাৰ কৰা হয় মণিৰ উদ্দিনৰ পত্নীকো। মণিৰ উদ্দিন উৰফে মণি নামৰ ড্ৰাগছ মাফিয়াটোৱে পত্নী মনোৱাৰা বেগমৰ সৈতে মিলি দুৰাবান্ধিৰ নিজা ঘৰৰ পৰাই দীৰ্ঘদিন ধৰি চলাই আহিছিল ড্ৰাগছৰ বৃহৎ বেহা। বৃহস্পতিবাৰে পুৱতি নিশা এক গোপন সূত্ৰৰ পম খেদি মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়োৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে মণিৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় কডিনযুক্ত কফ চিৰাপ ৫৭৩ বটল, নিচাজাতীয় টেবলেট ৮২৫৬ টাৰ সৈতে বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী। আৰক্ষীৰ উপস্থিতিৰ উমান পাই মণিৰ উদ্দিনে পলায়ন কৰে যদিও মণিৰ সহধৰ্মিনী তথা ড্ৰাগছ সৰবৰাহকাৰী মনোৱাৰা বেগমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে মণিৰ উদ্দিন আৰু পত্নী মনোৱাৰা বেগমে দুবছৰ পূৰ্বে এজন বহিঃৰাজ্যৰ ব্যৱসায়ীক ঘৰলৈ ভাত খাব মাতি নি ডিঙি কাটি হত্যা কৰিছিল। ধৃত মনোৱাৰাক মৈৰাবাৰী আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে।
- Log in to post comments
- 31 views