জিএনআৰচিত মৃত্যুৰে যুঁজিছে এগৰাকী টেট শিক্ষকে:আৰ্থিক সহায় বিচাৰি ৰাইজলৈ কাতৰ আহ্বান পৰিয়ালৰ

gnrc

নিউজ ডেস্ক :

এক ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈ মহানগৰীৰ জিএনআৰচি হস্পিতালত মৃত্যুৰে যুঁজি থকা কামৰূপ জিলাৰ ছয়দুৱাৰ ব্লকৰ অন্তগত চাকু মাকু প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক ললিত শৰ্মাক সুস্থ কৰি তোলাৰ বাবে ৰাইজৰ সহায় বিচাৰিছে পৰিয়ালৰ লোকে। গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত টেট শিক্ষক শৰ্মা বৰ্তমান জিএনআৰচিৰ ক’মাত চিকিৎসাধীন হৈ আছে। চিকিৎসালয় কৰ্তৃপক্ষই জনোৱাৰ মতে শিক্ষক শৰ্মাক সুস্থ কৰি তুলিবলৈ যথেষ্ট দীঘলীয়া চিকিৎসাৰ প্ৰয়োজন হ'ব।তাৰ বাবে আনুমানিক ২৫ লাখৰো অধিক টকা খৰচ হব বুলি পৰিয়ালৰ লোকক অৱগত কৰিছে চিকিৎসকে। 

উল্লেখ্য যে বৰ্তমান দৈনিক ভেন্টিলেছনত ৰখাৰ লগতে চিকিৎসাৰ যাৱতীয় খৰছৰ বাবদ শিক্ষক গৰাকীৰ  পৰিয়ালবৰ্গই ইতিমধ্যে প্ৰতি দিনে প্ৰায় ৩০ হাজাৰকৈ টকা ব্যয় কৰিবলগীয়া হৈছে।।

ইফালে শিক্ষক গৰাকীক সহায়ৰ বাবে ছয়দুৱাৰ ব্লকৰ সতীৰ্থ শিক্ষক-শিক্ষয়ত্ৰীসকলে ১ লাখ টকাৰ অনুদান তেখেতৰ চিকিৎসাৰ বাবে আগবঢ়াইছে। লগতে অন্য এটা অনুষ্ঠানেও তেওঁৰ চিকিৎসাৰ বাবে ৫০ হাজাৰ টকা সংগ্ৰহ কৰিছে। কিন্তু এয়াই যথেষ্ট নহয়।

সেয়েহে এই দুৰ্ভগীয়া শিক্ষকগৰাকীক সহায় কৰিবলৈ পৰিয়ালৰ লোক সকলে সহায়ৰ হাত পাতিছে অসমবাসীৰ ওচৰত।

যদি কোনো সদাশয় ব্যক্তি বা দল-সংগঠনে শিক্ষক গৰাকীক সহায় কৰিব বিচাৰে তেন্তে Nilakanta Sharma’ৰ বেংক একাউন্ট নম্বৰ 11847714206, IFSC SBIN0009140 ত আৰ্থিক সাহায্য আগবঢ়াব পাৰে।

Your Comments