মহানগৰীৰ কুমাৰপাৰাৰ গুলিচালনা ঘটনাৰ ভয়ংকৰ বিৱৰণ আৰক্ষী আয়ুক্তৰ

guli

নিউজ ডেস্ক :

বৃহস্পতিবাৰে আবেলি মহানগৰীৰ কুমাৰপাৰাৰ শ্যাম হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাৰ ২৪ঘণ্টাৰ পাৰ হল।এতিয়াও অচিনাক্ত দুৰ্বৃত্তৰ প্ৰকৃত টাৰ্গেট কোন আছিল সেয়া স্পষ্ট হোৱা নাই।প্ৰতিষ্ঠান খনৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীৰ নামৰ সাদৃশ্যৰ বাবেই অনুমান কৰাত ব্যৰ্থ হৈছে মহানগৰ আৰক্ষী।
যিহেতু বৃহস্পতিবাৰে আবেলি ৪.৪৫ বজাত সংঘটিত হোৱা গুলিচালনা ঘটনাটোত নিহত হোৱা ৰাজস্থানৰ গাণনিক কৰ্মচাৰী আৰু স্বত্বাধিকাৰী উভয়ৰে নাম আছিল শ্যাম শৰ্মা।বন্দুকধাৰী আততায়ী দলটোৱে গুলীচালনা কৰাৰ পূৰ্বে “শ্যাম কোন” বুলি প্ৰশ্ন কৰিছিল।

ইফালে খবৰ অনুসৰি আততায়ী দলটোৱে এটা বেগ লৈ ঘৰটোৰ প্ৰথম মহলাত থকা ব্যৱসায়ীজনৰ কাৰ্যালয়টোত প্ৰৱেশ কৰিছিল। সোমাই যাওঁতেই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে ছেণ্ডেল খুলি সোমাবলৈ কৈছিল আৰু সেইমৰ্মেই ছেণ্ডেল খুলি সোমাইছিল তিনিজনীয়া দুৰ্বৃত্ত দলটো।তাৰ পাছতে ব্যৱসায়িক প্ৰতিষ্ঠানখনত থকা এজন কৰ্মচাৰীয়ে তেওঁলোক কিয় আহিছে বুলি হিন্দীতে সোধে।
কৰ্মচাৰী জনৰ প্ৰশ্নত তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৱে হিন্দীতে উত্তৰ দি কয় “কুচ চামান লেনা হ্যে”।তাৰ পিছত হিন্দীতে “শ্যামজী কৌন হ্যে” বুলি পুনৰ প্ৰশ্ন কৰে দলটোৱে।তেতিয়া দোকানৰ ভিতৰৰ পৰা ওলাই আহি গাণনিক শ্যাম শৰ্মাই নিজকে শ্যাম বুলি পৰিচয় দিয়ে। লগে লগে দুৰ্বৃত্তকেইজনে গাণনিক শ্যাম শৰ্মাক গুলীয়াই আৰু মটৰ চাইকেলত উঠি পলায়ন কৰে। উল্লেখ্য যে ঘটনাটো সংঘটিতত হোৱা সময়ত  ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী শ্যাম শৰ্মা দোকানত নাছিল। কিন্তু পূৰ্বতে প্ৰায়ে তেনেকুৱা সময়তে দোকানলৈ আহিছিল সত্বাধিকাৰী শ্যাম শৰ্মা।এই হত্যাকাণ্ডৰ ঘটনাটোত
”চুপাৰি কিলাৰ” ব্যৱহাৰ হ'ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি এই হত্যাকাণ্ড সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত শুক্ৰবাৰে এই বিৱৰণ আগবঢ়াই কামৰূপ মহানগৰৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে।

লগতে কুমাৰে স্পষ্টকৈ কয় এই ঘটনাটো ডকাইতিৰ নহয়।কাৰণ অপৰাধীয়ে মাৰিম বুলিয়ে টাৰ্গেট কৰিয়ে প্ৰতিষ্ঠানখনলৈ আহিছিল।

ইফালে ঘটনাৰ সন্দৰ্ভত ভৰলু আৰক্ষীয়ে ৫৪৮/১৯নম্বৰত এক গোচৰ ৰুজু কৰিছে।ভাৰতীয় দণ্ডাবিধিৰ ৩০২পি/চি আৰু আৰ/ডব্লিউ ২৭(৩)অস্ত্ৰ আইনৰ ধাৰাত তদন্ত আৰম্ভ কৰিছে।বৰ্তমানলৈকে মহানগৰ আৰক্ষীয়ে কেৱল মাত্ৰ সন্দেহত ১৩/১৪ জনক আটক কৰি ভৰলু আৰক্ষী থানাত জেৰা চলাই থকা কথা বুলি জানিবলৈ দিছে দীপক কুমাৰে। ইফালে গুৰুত্বপূৰ্ণ কথা এই যে দুৰ্বৃত্তৰ দলটোৱে লৈ অহা বেগতো প্ৰতিষ্ঠান খনত এৰি যায়।ইফালে এৰি যোৱা বেগটোত এখন ডেগাৰ আৰু এডাল নাৰিকলৰ ৰচী পোৱা বুলি জানিবলৈ দিছে আয়ুক্ত গৰাকীয়ে।বেগটোত উদ্ধাৰ হোৱা বস্তুবোৰৰ পৰা চিআইডি দলে ফিংগাৰ পিণ্ট সংগ্ৰহ কৰা বুলি উল্লেখ কৰিছে।

ইফালে লক্ষণীয় কথা এই যে ঘটনাস্থলীত আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই কোনো খালি কাৰ্টেজ।আৰক্ষীৰ সন্দেহ কৰিছে যে দুৰ্বৃত্তৰ দলটোৱে হস্ত নিৰ্মিত পিষ্টল ব্যৱহাৰ কৰিছিল।

আনহাতে প্ৰত্যক্ষদৰ্শী অন্যএজন সহকাৰী কৰ্মচাৰীৰ মতে দুৰ্বৃত্ত তিনিজন আছিল আৰু তেওঁলোকৰ হিন্দীৰ উচ্চাৰণ উত্তৰ-প্ৰদেশ, বিহাৰৰ লোকৰ দৰে আছিল।

Your Comments