হোজাইত বস্তাই বস্তাই নিচাজাতীয় টেবলেটৰ খালি বাকলি উদ্ধাৰ 

hojai

হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :

হোজাইত বস্তাই বস্তাই নিচাজাতীয় টেবলেটৰ খালি বাকলি উদ্ধাৰ হোৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে সচেতন মহলত।হোজাই চহৰৰ পৰা মাত্ৰ কিছু কিলোমিটাৰ নিলগৰ ঠেপেলাগুৰি বনাঞ্চলৰ পথৰ দাঁতিত পেলাই থোৱা অৱস্থাত উদ্ধাৰ হয় নিচাজাতীয় টেবলেটৰ খালি বাকলি সমূহ।বৃহৎ পৰিমাণত থকা এই বাকলিসমূহ দেখাৰ পিছতেই হতবাক হৈ পৰে স্থানীয় গাঁওবাসী।কৰ পৰা কোনে আনি নিচাজাতীয় টেবলেটৰ এই বাকলি বোৰ পেলাই গৈছে তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ।ৰাইজৰ সন্দেহ এয়া কোনো অসাধু চক্ৰৰ কাণ্ড,যিয়ে দীৰ্ঘদিনৰ পৰা হোজাইত চলাই আহিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।একাংশ নৱপ্ৰজন্মৰ ড্ৰাগছৰ প্ৰতি আসক্ত যুৱকক এই টেবলেট সমূহেৰে ড্ৰাগছ জাতীয় কোনো সামগ্ৰী তৈয়াৰ কৰি কোনো অসাধু চক্ৰই যোগান ধৰি আছে বুলি ৰাইজে এতিয়া সন্দেহ কৰিছে।এইক্ষেত্ৰত প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে। বৃহৎ পৰিমাণৰ  নিচাজাতীয় টেবলেটৰ খালি বাকলি উদ্ধাৰ হোৱাৰ পিছত প্ৰশ্ন উঠিছে কোনে হোজাইত চলাই আছে ড্ৰাগছৰ এই অসাধু বেহা ?

Your Comments