বঙাইগাঁওঃ
চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অধীনৰ শিমলাগুৰী গাঁৱৰ ছাত্ৰ এজন দেওবাৰে বৈদ্যুতিক ফেন (পাংখা) মেৰামতি কৰা অৱস্থাত মৃত্যু মুখত পৰে ৷ জানিব পৰামতে শিমলাগুৰী নিবাসী ৰে'ল বিভাগৰ কৰ্মচাৰী হৰেন্দ্ৰ চন্দ্ৰ বৰ্মণৰ একমাত্ৰ পুত্ৰ অভিজিত বৰ্মণে (২৪ বছৰ) দেওবাৰে বিয়লি নিকটৱৰ্তী নিলীবাৰী গাঁৱৰ শহুৰেকৰ ঘৰত চিলিং ফেন মেৰামতি কৰি থকা সময়তে বিয়লি ২ঃ৩০ মান বজাত বিদ্যুৎপৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় ৷ ঘটনাৰ পাছতে যুৱক জনক বঙাইগাঁৱৰ স্বাগত হাস্পাতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ বঙাইগাঁও ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ ( আই টি আই)ৰ ইলেট্ৰিকেল বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ অভিজিতে বিগত জুলাই মাহত বিবাহ পাশত আৱদ্ধ হৈছিল ৷ ইপিনে সোমবাৰে মৰোণোত্তৰ পৰীক্ষাৰ পাছত যুৱকজনৰ মৃতদেহ শিমলাগুৰীৰ নিজ বাসভৱনত নিয়াত পৰিয়াল, আত্মীয় স্বজন, বন্ধু-বান্ধৱ আৰু গাঁওবাসীয়ে অন্তিম বিদায় দিয়াৰ পাছত নিউ বঙাইগাঁৱৰ ৰাজহুৱা শ্মশানত শেষ কৃত সম্পন্ন কৰা হয় ৷ মৃত্যুৰ সময়ত ছাত্ৰ যুৱক জনে পিতৃ-মাতৃ, পত্নী ডেইজী বৰ্মণ, ভনী আৰু ভনী জোঁৱায়েকক ইহ সংসাৰত এৰি যায় ৷ যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷
- Log in to post comments
- 9 views