বঙাইগাঁওঃ
বঙাইগাঁও জিলা উন্নয়ন সমিতিৰ ছেপ্টেম্বৰ মাহৰ সভাখন জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত আদিল খানৰ সভাপতিত্বত সোমবাৰে অনুষ্ঠিত হৈ যায় । সভাৰ আৰম্ভণিতে বঙাইগাঁও জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীয়ে চৰকাৰে হাতত লোৱা সুশাসন ব্যৱস্থাপনাৰ জৰিয়তে ৰাইজৰ ওজৰ-আপত্তি, অভিযোগ সমূহ নিষ্পত্তি কৰাৰ বাবে প্ৰতিমাহৰ ২য় আৰু ৪ৰ্থ মঙলবাৰে দিনৰ ১০.৩০ বজাত বঙাইগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত " ৰাইজৰ চ'ৰা" অনুষ্ঠিত কৰি তাত জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া সকলৰ লগত মিলিত হৈ সেয়া থিতাতে নিষ্পত্তি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু নোৱাৰাখিনি সংশ্লিষ্ট বিভাগ সমূহলৈ পঠাই দি সোনকালে নিষ্পত্তি কৰাৰ বাবে আহ্বান জনাব বুলি কয় । উক্ত পৰ্যালোচনা সভাত জিলা কৃষি বিভাগ, সমাজ কল্যাণ বিভাগ, গড়কাপ্তানী ( পথ) ,গড়কাপ্তানী (গৃহ), জনস্বাস্থ্য কাৰিকৰী বিভাগ , জলসম্পদ বিভাগ ,শিক্ষা বিভাগ আদিৰ উপৰিও অন্যান্য বিভাগ সমূহৰ অধীনত চলি থকা কাম-কাজ সমূহৰ বিষয়ে উপায়ুক্ত আদিল খানে বুজ লয় । লগতে উপায়ুক্তগৰাকীয়ে এই বিভাগ সমূহৰ উন্নয়নৰ খতিয়ানসমূহ পৰীক্ষা কৰি আধৰুৱা হৈ থকা আঁচনিৰ কাম সমূহ সোনকালে সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগ সমূহক নিদ্দেৰ্শ দিয়ে । উক্ত সভাতে জিলা পৰিবহন বিষয়াই কেন্দ্ৰীয় চৰকাৰে বলবৎ কৰা নতুন পৰিবহন আইনখনৰ বিষয়ে কিছু কথা ডাঙি ধৰে। তেওঁ উল্লেখ কৰে যে পৰিবহন আইন মানি নচলাৰ বাবেই বহু সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে । এনে দুৰ্ঘটনাৰ ফলত বহু মানল সম্পদৰ ক্ষতি হৈ আহিছে । তেওঁ আকৌ কয় যে দেশৰ প্ৰান্তে প্ৰান্তে পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু তেনে দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বলবৎ কৰা আইনখন এতিয়াৰে পৰা বঙাইগাঁও জিলা পৰিবহন বিভাগে কাৰ্যকৰী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই আইন উলংঘাকাৰী সকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যবস্থা গ্ৰহণ কৰা হ'ব বুলি সভাত উল্লেখ কৰে । সভাত বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন , অতিৰিক্ত উপায়ুক্ত অৰূপ কুমাৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত তথা উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহাল , চক্ৰ বিষয়া সকল আৰু অন্যান্য বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে ।
- Log in to post comments
- 8 views