জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা
শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত উত্তৰ জামুগুৰিস্থিত আগ্ৰিপাম অঞ্চল নিবাসী হিৰা দৰ্নালৰ পত্নী পাঞ্চালী বিশ্বকৰ্মা (২১) আৰু নিজ কন্যা সন্তান এঞ্জল দৰ্নাল (৭ মাহ) নিজ বাসগৃহৰ পৰা যোৱা ২৪ আগষ্টৰ দিনা পুৱা প্ৰায় ৪ বজাত নিৰোৰ্দ্দেশ হয়। উক্ত নিৰোৰ্দ্দেশৰ খৱৰ স্বামীয়ে পুৱা শুই উঠি গম পোৱাত অঞ্চলজুৰি এক তিব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। স্বামী হিৰা দৰ্নালে নিৰোৰ্দ্দেশৰ খৱৰটো আজি পুৱা জামুগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত নিৰোৰ্দ্দেশৰ সন্দৰ্ভত আৰক্ষী বিষয়াই সোধ-পোছ কৰাত স্বামী হিৰাই কয় যে- "যোৱা ২২ আগষ্ট বৃহষ্পতিবাৰে নিজ বাসগৃহত নিশা ১১ বজাত নিজৰ লগতে সন্তানৰো কাপোৰ-কানিবোৰ আলমাৰিত জাপি থকা দেখা পাইছিলো। তেতিয়া মই তাইক সোধ-পোছ কৰাত কলে যে দিনত সন্তানে বহুত অসুবিধা কৰাৰ বাবে মই নিশা আজৰি সময়ত কাপোৰ-কানিবোৰ জাপি ভালদৰে থৈছিলো।" ২৩ আগষ্ট শুক্ৰবাৰে দিনটো সু-কলমেই পাৰ হ'ল। কিন্তু ২৪ আগষ্ট শনিবাৰে পুৱা স্বামী হিৰা দৰ্নাল শুৱা পাটিৰ পৰা উঠি নিজৰ পত্নী আৰু কন্যা সন্তান নিজৰ ঘৰত দেখা নোপোৱাত গাঁৱৰ ৰাইজক খৱৰ দিলে। গাঁৱৰ ৰাইজক স্বামী হিৰাই জানিবলৈ দিয়ে যে - কোনো ধৰণৰ শাৰীৰিক অত্যাচাৰ নোহোৱাকে পত্নী পাঞ্চালীয়ে নিজৰ কন্যা সন্তানক লগত লৈ পৰিয়ালৰ সদস্যসকলক ত্যাগ কৰি পলাই যায়। স্বামী হিৰাই জানিবলৈ দিয়া মতে পত্নী পাঞ্চালীয়ে এটা সৰু বেগত নিজৰ দৰকাৰী নথি-পত্ৰ আৰু স্বামীৰ ষ্টেট বেংকৰ এ.টি.এমৰ লগতে কন্যা এঞ্জলৰ জন্মৰ প্ৰমাণ পত্ৰখন ভৰাই লৈ যায়। ইচ্ছুক তথ্যৰ যিকোনো ধৰণৰ সন্ধান পালে ৯১০১৮১০৬২১ আৰু ৮৪৭৪০৯৮১৩৬ নম্বৰত যোগাযোগ কৰিব পাৰিব।
- Log in to post comments
- 5 views