গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
আজি দুটাকৈ সংগঠনৰ প্ৰতিবাদত কঁপিল গোলাঘাট চহৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত তিনি ঘন্টীয়া এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৱে দীৰ্ঘদিনীয়া দাবী অনুসৰি নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম বন্ধ কৰা আৰু সকলো বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবী তোলাৰ লগতে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাবে ঘোষণা কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। একেদৰে ন দফীয়া দাবী উত্থাপন কৰি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়েও উপায়ুক্ত কাৰ্যলয়ৰ সমীপত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে। দাবী অনুযায়ী অনুসূচিত জাতি ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ ধন নিয়মীয়া কৰা ,ভূমিহীন লোকক ভূমিপট্টা প্ৰদান কৰা আদি বিভিন্ন শ্ল'গানেৰে ৰাজ্য চৰকাৰক অৱগত কৰাৰ লগতে অতি শীঘ্ৰে তেওঁলোকৰ দাবী সমূহ মানী নল’লে ভৱিষ্যতে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰাৰো হুংকাৰ দিয়ে। প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
- Log in to post comments
- 6 views