ওদালগুৰিৰ পৰা হেমন্ত শৰ্মাৰ প্রতিবেদন :
ওদালগুৰিতস্থিত আক্ৰাছুৰ কাৰ্য্যালয়ত দেওবাৰে এক সংবাদমেল আয়োজন কৰি আক্ৰাছুৰ ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক নৱজিৎ কোচে এক গুৰুতৰ অভিযোগ কৰি কয় যে আক্ৰাছুৰ পৰা বহিস্কৃত তিনি নেতাই আক্ৰছুক পুনৰ বিভাজন কৰিবলৈ অপচেষ্টা চলাই আছে। তেওঁলোকৰ এই প্ৰচেষ্টাক তীব্রভাষাৰে ধিক্কাৰ দি কয় যে যদি বহিস্কৃত সেই ভণ্ড নেতা কেইজনে এনেধৰণৰ অপচেষ্টাৰ পৰা আঁতৰি নাহে তেতিয়া হলে পৰবৰ্তী সময়ত আইনী ব্যৱস্থা হাতত ল'বলৈ সংগঠন বাধ্য হ'ব বুলিও ব্যক্ত কৰে। আনহাতে জিলাখনৰ বাহিষ্কৃত আন এজন নেতা হেমন্ত বড়া এজন নাথ যোগী সম্পদায়ৰ লোক আৰু তেওঁ নাথ যোগী সংগঠনৰ হকেহে কাম কৰা উচিত আক্ৰাছুৰ হৈ কাম কৰাৰ তেওঁৰ কোনো নৈতিক অধিকাৰ নাই বুলিও নেতা জনে লগতে সদৰী কৰে। ইফালে হেমন্ত বড়াই নাথ যোগী সম্পদায়ৰ হৈয়ো আক্ৰাছুৰ বিষয়বাব দখল কৰাটো এক দুৰ্ভগ্যজনক ঘটনা বুলিও সাংবাদিকৰ আগত নেতা জনে বিশোদগাৰ প্ৰকাশ কৰে। দিব্যজ্যোতি ডেকা আৰু হেমন্তবড়াই চলোৱা আক্ৰাছু বিভাজনৰ পৰিকল্পনাক অতি সোনকালে বন্ধ কৰিবলৈ সকীয়নি দি ইয়াৰ অন্যথাই তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও নেতা জনে হুংকাৰ দিয়ে।
ওদালগুৰি পৰা হেমন্ত শৰ্মাৰ প্রতিবেদন :
- Log in to post comments
- 7 views