বইটামাৰী :
বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী এলেকাৰ ঢোৰবাৰী গাঁৱত থকা চম্পাবতী নৈৰ বালিৰ মহলৰ সমীপত আজি পুৱাৰ ভাগত অচিনাক্ত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে , আজি পুৱাৰ ভাগত উক্ত অঞ্চলটোৰ চম্পাৱতী নৈৰ দলঙৰ দক্ষিণ দিশত থকা বালিৰ মহলৰ সমীপত নাওঁৰে মহলত কাম কৰা একাংশ শ্ৰমিকে নৈৰ পানীত ওপঙি থকা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি বইটামাৰী আৰক্ষীক অৱগত কৰে । লগে লগে বইটামাৰী আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় । কিছু সময় পিছতে উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়াও ঘটনাস্থলীত উপস্থিত হয় । পিছত দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰে । আনুমানিক ২৫ বছৰ মান বয়সৰ মহিলাগৰাকী অন্তৰ্বাস পৰিহিত অৱস্থাত আছিল । মহিলা গৰাকীৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট । এয়া এক হত্যাকাণ্ড বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ।
- Log in to post comments
- 17 views