খাগৰিজান মহাবিদ্যালয়ত সদৌ অসম ৰাজনীতি বিজ্ঞান সন্থাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

nagaon

 নগাঁওৰ পৰা ৱাহিদুদ জামানৰ প্রতিবেদন :

নগাঁৱৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান খাগৰিজান মহাবিদ্যালয়ত আজি সদৌ অসম ৰাজনীতি বিজ্ঞান সন্থাৰ প্ৰথম বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হৈ যায়। সন্থাৰ সম্পাদক ডঃ দ্বীপেন শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সন্থাৰ কাৰ্যকৰী সভাপতি কে চি দাসৰ লগতে উপস্থিত কেইবাজনো সদস্যই বৰ্তমান সময়ত ৰাজনীতি বিজ্ঞান আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত বহল ব্যাখ্যা দাঙি ধৰে। এই সভাতেই মহাবিদ্যালয়খনৰ "আই কিউ এ চি"ৰ উদ্যোগত আৰু সদৌ অসম ৰাজনীতি বিজ্ঞান সন্থাৰ সহযোগত "ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিল আৰু ইয়াৰ পৰা উদ্ভৱ হব পৰা সমস্যা"- শীৰ্ষক এখন বক্তৃতা অনুষ্ঠানো অনুষ্ঠিত হয়। অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড: কে চি দাসৰ সঞ্চালনাত অনুষ্ঠিত সভাত আদৰণি ভাষন আগবঢ়াই খাগৰিজান মহাবিদ্যালয়ৰ নৱ নিযুক্ত অধ্যক্ষ ড: ৰমেশ নাথে। সভাত মূল বক্তা হিচাপে উপস্থিত থাকি জে বি কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক তথা সন্থাৰ সভাপতি ড: বলীন হাজৰিকাই। তেওঁ ভাষণত সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ সম্পৰ্কে বহল ভাবে আলোচনা কৰাৰ লগতে ইয়াৰ ফলত উদ্ভৱ হ'ব পৰা সমস্যা সম্পৰ্কেও আলোকপাত কৰে। সভাত মহাবিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী সকলেও অংশ গ্ৰহণ কৰে।

Your Comments