মঙ্গলদৈৰ পৰা উজ্জ্বল জ্যোতি ডেকাৰ প্রতিবেদন :
ঈদৰ সময়চোৱাত দৰং জিলাৰ আৰক্ষীয়ে জব্দ কৰা ৬ টাকৈ উটক লৈ এতিয়া স্বয়ং আৰক্ষীয়ে সমস্যাত পৰিছে। যোৱা ১০ আগষ্টত দৰং জিলাৰ টাংনি সাপ্তাহিক বজাৰৰ পৰা ধূলা থানাৰ আৰক্ষীয়ে জব্দ কৰিছিল ৬ টা উট। ঈদৰ কুৰবানীৰ বাবে বিক্ৰীৰ উদ্দেশ্যৰে অনা উটকেইটা জব্দৰ পিছৰে পৰা বিগত এপষকে ধূলা থানা চৌহদত ৰদে বৰষুণে মুকলি ঠাইতে ৰখাৰ পৰিপ্ৰেক্ষিতত উটকেইটাৰ শাৰীৰিক অৱস্থা বৰ্তমানে সংকটজনক হৈ পৰিছে। এফালে খাদ্যৰ অভাৱ আনফালে নিমিলা জলবায়ুৰ প্ৰভাৱৰ হেতু এতিয়া মৃত্যুৰ ক্ষণ গণিছে উটকেইটাই। প্ৰথমে মঙলদৈ নিম্ন আদালতে ৰাজস্থানৰ পৰা ক্ৰয় কৰি অনা ভকতপাৰাৰ দলটিকে হস্তান্তৰ কৰিব অনুমতি দিছিল যদিও ভাৰতীয় জীৱ জন্তু কল্যাণ বোৰ্ডৰ বিষয়া সকলে আহি জিলা সত্ৰ ন্যায়ালয়ত পুনৰ আবেদন কৰাত,এই প্ৰক্ৰিয়া স্তব্ধ হৈ পৰে।
সম্প্ৰতি জিলা সত্ৰ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা উটকেইটাৰ স্বাস্থ্যৰ অৱনতি ঘটা পৰিলক্ষিত হৈছে। ভাৰতীয় জীৱ জন্তু কল্যাণ বোৰ্ডৰ অধ্যক্ষ সুজিত চৌধুৰীয়ে এইদৰে থাকিলে উট কেইটাৰ দুই এদিনতে মৃত্যু হোৱাৰো আকাংক্ষা প্ৰকাশ কৰিছে। ইতিমধ্যে ৰাজস্থান কেমেল এক্ট ২০১৫ মতে উট ৰাজস্থানৰ বাহিৰলৈ নিব, বিক্ৰী বা খাব নোৱাৰে। বৰ্তমানে উটক দুস্পাপ্য প্ৰাণী সমূহৰ এবিধ হিচাবে ঘোষণা কৰাত ইয়াক সংৰক্ষিত প্ৰাণীত ধৰা হৈছে।
ইফালে বোকা পানীৰ মাজত বিগত ১৫ দিনে আবদ্ধ থকা উটকেইটাক শীঘ্ৰে উদ্ধাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে।
- Log in to post comments
- 28 views