বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :
নাট্যনগৰী পাঠশালাত এতিয়া থিয়েটাৰৰ বতৰ । সকলো নাট্যগোষ্ঠীয়ে খদমদম লগাইছে পাঠশালাত। অসমৰ ভ্ৰাম্যমান নাট্যজগতৰ অাগশাৰী নাট্যদল অাবাহন থিয়েটাৰৰ এই বৰ্ষৰ অতি জনপ্ৰিয় নাট "মেমচাহাব" নাটকখন যোৱাকালি দুবাৰকৈ পাঠশালাত প্ৰদৰ্শন কৰে । নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ ৰচিত আৰু পৰিচালিত নাট মেমচাহাব নাটখনত মাতৃ-কন্যাৰ দ্বৈত চৰিত্ৰত দেখা যায় জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক । দৰ্শকৰ বিপুল দাবীত অাজি পুনৰ নাট্যনগৰী পাঠশালাত প্ৰদৰ্শন কৰা হ'ৱ মেমচাহাব নাটখন।
- Log in to post comments
- 21 views