বঙাইগাঁওঃ
অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী সমাধানৰ ক্ষেত্ৰত পূৰ্বৰ কেন্দ্ৰ আৰু অসম চৰকাৰৰ দৰে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ আশ্বাস আৰু প্ৰতিশ্ৰুতিও এক প্ৰহসন মাত্ৰ ৷ এই মন্তব্য কোচ ৰাজবংশী জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি নিৰ্মল কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ ৷ এক প্ৰেছ বিবৃতিত জাতীয় মহাসভাৰ নেতা দুগৰাকীয়ে কয় যে পূৰ্বৰ চৰকাৰেও নিৰ্বাচন আহিলেই ভোটৰ আশাত আন্দোলনকাৰী সংগঠনেৰে আলোচনা কৰি জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু চৰকাৰ গঠন কৰাৰ পিচতে মূৰ পোলকা মাৰি কোচ ৰাজবংশীসকলক দীৰ্ঘদিনলৈ প্ৰতাৰণা কৰি আহিছিল ৷ বৰ্তমান কেন্দ্ৰ আৰু অসমত চৰকাৰ চলাই থকা বিজেপি দলেও লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সময়ত একেই প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু কেন্দ্ৰ আৰু অসমত শাসনৰ বাঘজৰী পোৱাৰ পিছতে নিশ্চুপ হৈছিল ৷ এইবাৰো লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত খোৰ খেদাকৈ ৰাজ্যসভাত জনজাতিকৰণ বিধেয়ক উত্থাপন কৰি সদনত আলোচনা নকৰাকৈ পেলাই থলে ৷ এতিয়া আগন্তুক বিটিচি আৰু অসম বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাত চৰকাৰে আলোচনাৰ পাতনি মেলি পুনৰাই প্ৰতিশ্ৰুতিৰ নামন নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কৌশল অৱলম্বন কৰিছে ৷
নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত জনজাতি সংগঠন আৰু মিত্ৰজোট চৰকাৰৰ অংশীদাৰ তথা পৰম বন্ধু হাগ্ৰামাক অসন্তুষ্ট কৰি মন্ত্ৰী গোটৰ অধ্যক্ষ ড°হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলে কেতিয়াও অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰে বুলিও বিবৃতিটোত জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে উল্লেখ কৰে ৷ বিবৃতিটোত লগতে নেতাদ্বয়ে পুনৰ কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত পূৰ্বৰ মিত্ৰজোট চৰকাৰৰ জনজাতি উন্নয়ন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই যিদৰে বাধাৰ প্ৰাচীৰ হিচাপে ঠিয় দিছিল , সেইদৰে এতিয়াৰ মিত্ৰজোট চৰকাৰৰ জনজাতি উন্নয়ন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু বিটিচিৰ মুখ্য কাৰ্যনিৰ্বাহক সদস্য হাগ্ৰামা মহিলাৰীয়ে প্ৰৱল বিৰোধিতা কৰিব ৷ আনকি হাগ্ৰামা মহিলাৰীৰ হুমকিৰ বাবেই কেন্দ্ৰীয় চৰকাৰে মন্ত্ৰী গোট গঠন কৰিবলৈ বাধ্য হৈছিল বুলিও কয় ৷ কোচ ৰাজবংশী জাতীয় মহাসভাই আৰু কয় যে জনজাতিকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া মন্ত্ৰীগোটে প্ৰথমে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন দিব লাগিব ৷ তাৰ পাছত জনজাতি মন্ত্ৰণালয়ে (Tribal Affairs) অনুমোদন জনালে ভাৰতৰ মহাপঞ্জীয়কৰ (RGI) অনুমোদনৰ বাবে প্ৰেৰণ কৰিব ৷ মহাপঞ্জীয়কে প্ৰতিবেদনখন চালি জাৰি চাই অনুমোদন জনালে ৰাষ্ট্ৰীয় অনুসূচিত আয়োগলৈ (NC for ST) প্ৰেৰণ কৰিব ৷ ৰাষ্ট্ৰীয় অনুসূচিত আয়োগে অনুমোদন জনোৱাৰ পিছত পুনৰ জনজাতি মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিব ৷ সেই অনুমোদন পোৱাৰ পিছত জনজাতি মন্ত্ৰণালয়ে আৰ্হি (Modality) সলনি বিষয়টো সংসদত গৃহীত কৰিবলৈ উত্থাপন কৰিব ৷ সংসদৰ উভয় সদনে গৃহীত কৰিলে তাৰ পিছত জনজাতি মন্ত্ৰণালয়ে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি জনজাতিকৰণ বিধেয়ক (ST Bill) সংসদৰ উভয় সদনত উত্থাপন কৰি গৃহীত কৰিব লাগিব ৷ উভয় সদনত গৃহীত কৰি ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰাৰ পিচত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিলেহে কোনো এটা জাতি বা জনগোষ্ঠী জনজাতিৰ মৰ্যাদা প্ৰাপ্ত হয় ৷
জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বৰ্তমানৰ সাংবিধানিক বিধি ব্যৱস্থা সলনি কৰি অসমৰ বৰ্তমানৰ জনজাতি সকলে সাংবিধানিক ভাবে ভোগ কৰি থকা অধিকাৰ যাতে খৰ্ব নহয় তাৰ বাবে বিপিএফ সভাপতি হাগ্ৰামা মহিলাৰীৰ হুমুকিত কেন্দ্ৰীয় চৰকাৰে মন্ত্ৰী গোট গঠন কৰিছিল কৰিছিল বুলি উল্লেখ কৰি কয় যে মন্ত্ৰী গোটে জনজাতিকৰণ দাবী কৰা আৰু বিৰোধিতা কৰা সকলো পক্ষৰে মতামত গ্ৰহণ কৰে যদিও আজি প্ৰায় ৬ মাহ উকলি যোৱাৰ পিছতো কিন্তু মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দিয়া দূৰৰে কথা এতিয়ালৈ প্ৰতিবেদনেই প্ৰস্তত কৰা নাই ৷ তাৰোপৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে আন পাঁচ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু মন্ত্ৰী গোটে অনুমোদিত জনালেও শেহতীয়াকৈ ভাৰতৰ মহাপঞ্জীয়কৰ (RGI) লুকাৰ কমিছনাৰে দ্বিতীয় পৰ্বত ট্ৰাইবেল কমিছনাৰ নন্দ কুমাৰ সাই আৰু চ'ছিয়েল জাষ্টিচ এণ্ড এমপাৱাৰমেন্ট ( Social Justice and Empowerment)ৰ অধ্যক্ষই নতুন আৰ্হিক (Modality) দ্বিতীয় বাৰ নাকচ কৰি জনজাতিকৰণ কৰিবলৈ পুৰণি কালৰে পৰা প্ৰচলিত সাংবিধানিক বিধি ব্যৱস্থা বিৱেচনা কৰিবলৈ ২০১৮ চনত আহ্বান জনোৱাত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ গৃহবিভাগৰ আহ্বানত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ নেতৃত্বত সংসদীয় সমিতি গঠন হৈছে ৷ গতিকে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণ কৰিব বিচাৰিলেও জনজাতিকৰণৰ বিষয়টো ইমান সহজ হৈ থকা নাই বুলিও কয় ৷
এনে ক্ষেত্ৰত কোচ ৰাজবংশী জাতীয় মহাসভাই কয় যে জনজাতিকৰণ কৰিবলৈ যিখিনি আনুষ্ঠানিকতা লাগে, সেইখনি পূৰণ কৰিবলৈ কমেও তিনি চাৰি বছৰ লাগিব ৷ গতিকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী গোটৰ অধ্যক্ষ ড° হিমন্ত বিশ্ব শৰ্মাৰ কোৱা কথাত আশ্বস্ত নহৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো সংগঠনক ঐক্যবদ্ধ হৈ চৰকাৰেৰে আলোচনা কৰাৰ লগতে কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰা আৰু জনজাতিকৰণ দাবীত সমান্তৰালভাৱে আন্দোলন কৰি যাবলৈ আহ্বান জনায় ৷ অন্যাথা আলোচনা আৰু প্ৰতিশ্ৰুতিৰ নামত পূৰ্বৰ চৰকাৰৰ দৰে প্ৰতাৰণাৰ বাহিৰে একো নহব বুলিও কোচ ৰাজবংশী জাতীয় মহাসভাই বিবৃতিটোত উল্লেখ কৰিছে ৷ উল্লেখ্য যে ১ আগষ্টত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী গোটৰ কেবিনেট উপ সমিতিৰ আহ্বায়ক চন্দন ব্ৰহ্মৰ সৈতে জনজাতিকৰণৰ দাবী সন্দৰ্ভত আক্ৰাছুৰ এটা প্ৰতিনিধি দলৰ আলোচনা অনুষ্ঠিত হৈছিল ৷ আলোচনাকালত কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ কৰা হ' বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে কেবিনেট উপ সমিতিৰ অধ্যক্ষ ড° হিমন্ত বিশ্ব শৰ্মাইও আক্ৰাছুৰ প্ৰতিনিধি দলটোক কেবিনেট উপ সমিতিৰ প্ৰতিবেদনৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলি অৱগত কৰাৰ লগতে অতি সোনকালে ছয় জনগোষ্ঠীকে জনজাতিকৰণ কৰাটো নিশ্চিত বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা বুলি সংগঠনটোৰ নেতৃত্বই শুকুৰবাৰে বঙাইগাঁৱত অনুষ্ঠিত এখন সংবাদ মেলত প্ৰকাশ কৰিছিল ৷
- Log in to post comments
- 239 views