আলফাৰ ছত্ৰ-ছাঁয়াত গঠন হ'ব এটা নতুন আঞ্চলিক ৰাজনৈতিক দল

ulfa

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

অসম গণ পৰিষদে অসমৰ আশা-আকাংক্ষাক ভৰিৰে মোহাৰি অসমৰ ৰাইজক যি চৰম বিশ্বাসঘাটকতা কৰি আহিছে,তাক অসমৰ ৰাইজে খুব ভালধৰণেৰে নিৰীক্ষণ কৰি আছে।আজি অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ইতিমধ্যে অসমৰ বৌদ্ধিক মহলৰ মাজত শক্তিশালী নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ কৰাৰ বাবে চিন্তা-চৰ্চ্চা আৰম্ভ হৈছে বুলি সংযুক্ত মুক্তি বাহিনী,অসমৰ বিত্ত সম্পাদক চিত্ৰবন হাজৰিকাই এই প্ৰতিবেদকৰ সৈতে হোৱা মত বিনিময়ত মত ব্যক্ত কৰে| আঞ্চলিক দলটো গঠনৰ ক্ষেত্ৰত এশ শতাংশই নিশ্চিত আৰু এই ক্ষেত্ৰত আলফাই পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি বিত্ত সম্পদকগৰাকীয়ে কয়।


বিত্ত সম্পাদকগৰাকীয়ে কয় যে ইতিমধ্যে কংগ্ৰেছৰ লগতে অগপ দলটো নিঃশেষ হৈ যোৱাৰ পথত।অসম গণ পৰিষদ এতিয়া পুৰণা অধ্যায়লৈ পৰিগণিত হৈছে। তেওঁলোকে স্বাধীনভাৱে, স্বতন্ত্ৰভাৱে নিজৰ পুৰণা দাবীসমূহ লৈ ৰাইজৰ মাজলৈ যোৱাৰ নৈতিক সাহসকণো হেৰুৱাইছে।এনে প্ৰেক্ষাপতত অসমৰ গৰিষ্ঠসংখ্যক নাগৰিকে এটা ধৰ্মনিৰপেক্ষ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল এটাৰ পোষকতা কৰে আৰু ইয়াৰ প্ৰতি সন্মান জনাই ইতিমধ্যে বৌদ্ধিক মহলৰ মাজত কুচ-কাৱাজ আৰম্ভ হৈছে|একাংশ লোকে নতুন আঞ্চলিক দল এটাৰ পোষকতা নকৰে যদিও গৰিষ্ঠসংখ্যক লোকে নতুন আঞ্চলিক দল এটা গঠন হোৱাটো বিচাৰে আৰু ই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপতত এক আমূল পৰিৱৰ্তন সাধন কৰিব।বৰ্তমান বিজেপি চৰকাৰখনে অসমৰ সাংবিধানিক সুৰক্ষাৰ বিষয়টো অসম চুক্তিৰ ৬ নং দফা মতে যদি কৰে,তেনে প্ৰেক্ষাপতত বিজেপিৰ প্ৰাসংগিকতা বৰ্তি থাকিব। কিন্তু ই সম্ভৱ নহয়।বিজেপি দলটোৱে সংখ্যালঘু লোকসকলক এক চাপত ৰাখিবৰ বাবেহে এইধৰণৰ কাৰ্যপন্থা হাতত লৈ আহিছে আৰু ভাৰতক একদলীয় শাসন ব্যৱস্থাৰ ফালে লৈ যোৱাৰ প্ৰচেষ্টা হাতত লৈছে। যাতে বিজেপিৰ বিকল্প ৰাজনৈতিক দল নাথাকে। স্বাধীন ভাৰতৰ বাবে ই অত্যন্ত ভয়াৱহ সমস্যা হিচাপে পৰিগণিত হ'ব।ইফালে, আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চলি থকা শান্তি আলোচনাৰ সাংবিধানিক সুৰক্ষা আৰু ভূমি অধিকাৰৰ ক্ষেত্ৰত কিছু জটিলতা অহা বুলি বিত্ত সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে।

Your Comments