লিখিত প্ৰতিশ্ৰুতি নিদিলে জুবিনক ক্ষমা নকৰে সদৌ অসম ব্ৰাহ্মণ সমাজে

jubin

নিউজ ডেস্ক:

ব্ৰাহ্মণ সমাজৰ বিৰুদ্ধে শিল্পী জুবিন গাৰ্গৰ বিতৰ্কিত মন্তব্যই সমগ্ৰ ৰাজ্যৰ ব্ৰাহ্মণ সমাজৰ মাজতে এতিয়া সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়া। ইতিমধ্যে নৱ প্ৰজন্মৰ শিল্পী গৰাকীয়ে বিতৰ্কিত মন্তব্যৰ বাবে সোমবাৰে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ ব্ৰাহ্মণ সমাজৰ ওচৰত ভুল স্বীকাৰ কৰি ক্ষমা খোজাৰ পাছতো সন্তুষ্ট নহয় ৰাজ্যৰ ব্ৰাহ্মণ সমাজ। এই সন্দৰ্ভত আজি গুৱাহাটীৰ মহানগৰ জিলা ব্ৰাহ্মণ সমাজে গুৱাহাটীৰ প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদ মেলত সদৌ অসম ব্ৰাহ্মণ সমাজৰ সভাপতি সুনীল গোস্বামীয়ে জুবিন গাৰ্গক ক্ষমা কৰি দিয়াৰ প্ৰসংগত কয়, "জুবিন গাৰ্গক আমি ক্ষমা কৰি দিম। কিন্তু তাৰ বাবে শিল্পী গৰাকীয়ে আমাৰ কিছুমান চৰ্ত পূৰণ কৰিব লাগিব। সেই অনুসৰি সদৌ অসম ব্ৰাহ্মণ সমাজৰ ওচৰত শিল্পী জুবিন গাৰ্গে লিখিতভাৱে পত্ৰৰ জৰিয়তে ক্ষমা খুজিব লাগিব। লগতে তেওঁ কয়, “শিল্পী জুবিন গাৰ্গে লিখিতভাৱে আমাক জনাব লাগিব ব্ৰাহ্মণ সম্প্ৰদায়ক লৈ কোনো দিনে আৰু বিতৰ্কিত মন্তব্য নকৰো বুলি"। গোস্বামীয়ে কয় যে পূৰ্বেও জুবিন গাৰ্গে ব্ৰাহ্মণ সমাজক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। তেতিয়া আমি তেওঁ ভুল কৰিছিল বুলি ক্ষমা কৰি দিছিলোঁ। কিন্তু বাৰে বাৰে তেওঁ ভুল কৰিব আৰু সংবাদ মাধ্যমৰ জৰিয়তে ক্ষমা খুজিব,  সেই কথা আমি কেতিয়াও মানি ল’ব নোৱাৰো। সেই বাবে জুবিনে আমাক লিখিতভাৱে এতিয়া ক্ষমা বিচাৰিব লাগিব।

ইফালে বিতৰ্কিত মন্তব্য কৰাৰ পাছতে নৱ প্ৰজন্মৰ হাৰ্টথ্ৰব গৰাকীৰ বিৰুদ্ধে কৰিমগঞ্জৰ পৰা ধুবুৰীলৈকে ব্ৰাহ্মণ সমাজে বিভিন্ন থানাত মুঠ ১২টাকৈ গোচৰ ৰুজু কৰিছে। সেই গোচৰ উঠাই লোৱা-নোলোৱা প্ৰসংগত সদৌ অসম ব্ৰাহ্মণ সমাজৰ সভাপতি সুনীল গোস্বামীয়ে কয়, "জুবিনে যেতিয়া আমাৰ ওচৰত আহি লিখিত ভাৱে ক্ষমা বিচাৰিব তেতিয়াহে আমি ইতিমধ্যে ৰুজু হোৱা গোচৰসমূহ উঠাই লবলৈ বাধ্য হম।অন্যথা আমি ৰুজু কৰা গোচৰসমূহ উঠাই নলওঁ।

আনহাতে আজি এই সংবাদ মেলতে শিল্পী গৰাকীৰ আহিব লগা ছবি কাঞ্চনজংঘা সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম ব্ৰাহ্মণ সমাজে। তেওঁলোকৰ দাবী ছবিখনত ব্ৰাহ্মণ সমাজক হেয় কৰা বা আঘাত দিব পৰা জুবিনে কৈ থকাৰ দৰে লগুণ চিঙা যদি দৃশ্য আছে সেই দৃশ্যাংশ ছবিখনৰ পৰা আঁতৰাই পেলাব লাগিব। লগতে তেওঁলোকে জানিবলৈ দিয়ে কাঞ্চনজংঘা ছবিখনত থকা ব্ৰাহ্মণ সমাজক তাচ্ছিল্য কৰিব পৰা দৃশ্যসমূহ সংশোধন কৰিবলৈ আজি সদৌ অসম ব্ৰাহ্মণ সমাজে "চেন্সৰ বর্ডলৈ" এক পত্ৰ প্ৰেৰণ কৰিছে ।লগতে তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতি দাবী জনায়, ছবিখনৰ মুক্তিৰ আগতে সদৌ অসম ব্ৰাহ্মণ সমাজক ছবিখন চোৱাৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ ব্ৰাহ্মণ সমাজক তাচ্ছিল্য কৰিব পৰা কোনো দৃশ্য ছবিখনত থাকিব নোৱাৰিব বুলি সংবাদ মেলত স্পষ্টকৈ জানিবলৈ দিয়ে। একেদৰে আজি তেওঁলোকে প্ৰেৰণ কৰা পত্ৰ যদি চেন্সৰ বর্ডে গুৰুত্ব নিদি ছবিখন মুক্তি দিয়ে তেন্তে অনাগত দিনত ছবিখনৰ বিৰুদ্ধে সদৌ অসম ব্ৰাহ্মণ সমাজ ঐক্যবদ্ধ হৈ আগবাঢ়িব বুলি উল্লেখ কৰে।

আনহাতে আজি সংবাদ মেলত গুৱাহাটীৰ মহানগৰ জিলা ব্ৰাহ্মণ সমাজৰ সম্পাদক পবিত্ৰ কুমাৰ শৰ্মাই কয়, "অসমৰ একাংশ মানুহৰ বাবেহে জুবিন গাৰ্গ আজি জনপ্রিয় কণ্ঠশিল্পী"। লগতে জুবিন গাৰ্গক তাচ্ছিল্য কৰি সম্পাদক শৰ্মাই কয় "মদ খোৱাটো মানুহৰ গোপনীয়তা, সংবাদ মাধ্যমৰ আগত চিঞৰি চিঞৰি নকয়"। ইফালে সমগ্ৰ ব্ৰাহ্মণ সমাজে জুবিনলৈ সংবাদ মেলৰ জৰিয়তে আহ্বান জনায় কয় "জুবিন গাৰ্গ শিল্পী হিচাপে অলপ আত্মসংযম ৰাখক"।

Your Comments