অসম চুক্তিৰ ৬নং দফাৰ প্ৰসংগত কেন্দ্ৰই স্থিতি স্পষ্ট কৰক : অসম সংগ্ৰামী মঞ্চ

asn

নিউজ ডেস্ক:

ভাৰত চৰকাৰ, অসম চৰকাৰ, সদৌ অসম ছাত্ৰ সন্থাৰ মাজত ২০০৫ চনৰ ৫ মেতাৰিখে অসম চুক্তি প্ৰসংগত ত্ৰিপাক্ষিক আলোচনা হৈছিল। উক্ত ত্ৰিপাক্ষিক আলোচনাৰ ভিত্তিত সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তিৰ ৬নং দফা অনুসৰি সাংবিধানিক ৰক্ষাকৱচ হিচাপে কেতবোৰ দাবী উত্থাপন কৰিছিল। সেই দাবীসমূহৰ ক্ষেত্ৰত বৰ্তমান কেন্দ্ৰীয় চৰকাৰে নিজৰ স্থিতি স্পষ্ট নকৰি ১৩জন ব্যক্তিক লৈ পুনৰ এখন সমিতি গঠন কৰাৰ যুক্তি ক?’ এই প্ৰশ্ন অসম সংগ্ৰামী মঞ্চৰ।

এক বিবৃতিত অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে কয় যে কেন্দ্ৰীয় চৰকাৰে অতি কৌশলেৰে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ পৰা আঁতৰি থাকি ছাত্ৰ সন্থা আৰু অসমৰ নাগৰিক কেইজনমানলৈ দায়িত্ব ঠেলি দিছে। বিজেপি চৰকাৰে অসমত আঞ্চলিকতাবাদী ধাৰাটোক আঘাত কৰাৰ পিছত এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ দৰে শক্তিশালী সংগঠনটোক বিশ্বাসৰ সংকটত পেলোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।ফুকনে কয় যে অসম চুক্তিৰ সকলোবোৰ বিধি-ব্যৱস্থা ৰূপায়ণৰ ক্ষেত্ৰত মূল কৰ্তৃত্ব আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ হাতত।এনে ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ছাত্ৰ সন্থাই ইতিমধ্যে ৬নং দফাৰ ওপৰত দাখিল কৰা পৰামৰ্শৰ ওপৰত কোনো চৰকাৰী সিদ্ধান্ত প্ৰকাশ নকৰি অসমৰ কেইজনমান নাগৰিকক লৈ এখন সমিতি গঠন কৰাটো ৰহস্যজনক।ঐতিহাসিক অসম চুক্তি ত্ৰিপাক্ষিক আলোচনাৰে স্বাক্ষৰ কৰা হৈছিল।বৰ্তমানৰ মোডী চৰকাৰে অতি গুৰুত্বপূৰ্ণ ৬নং দফাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আঁতৰত ৰাখি সমিতি এখন গঠন কৰি দায়িত্ব সামৰিব বিচাৰাটো ৰহস্যজনক৷

বিবৃতিটোত সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতিজনে কয়, ‘১৩জনীয়া সমিতিখনত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৬টা দিশ নিৰ্দিষ্ট কৰি দিছে।সেই অনুসৰি সমিতিখনে ১৯৮৫ চনৰ পৰা বৰ্তমানলৈ অসম চুক্তিৰ ৬নং দফাৰ বিষয়সমূহ অধ্যয়ন কৰিব৷বিভিন্ন দল-সংগঠন-ব্যক্তিৰ লগত আলোচনা কৰিব।বিধানসভা আৰু স্থানীয় সংস্থাসমূহৰ নিৰ্বাচনত অসমীয়াৰ বাবে সংৰক্ষণ কেনে হোৱা উচিত, সেইটো স্পষ্ট কৰিব লাগিব। লক্ষণীয়ভাৱে লোকসভাৰ ক্ষেত্ৰত আসন সংৰক্ষণ প্ৰসংগটো গৃহ মন্ত্ৰণালয়ে এৰাই চলিছে।ফুকনে আৰু কয় যে,‘সমিতিখনে অসম চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত অসমীয়াৰ বাবে সংৰক্ষণৰ ক্ষেত্ৰত পৰামৰ্শ দিব লাগিব। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পদসমূহৰ ক্ষেত্ৰত সংৰক্ষণ বিষয়টো সম্পূৰ্ণ উলাই কৰি গৈছে৷ফুকনে কয় যে, অসম চুক্তি একেখনেই, নেতৃত্ব পৰিৱৰ্তন হলেও কেন্দ্ৰীয় চৰকাৰ দেশৰ চৰকাৰ। এনে ক্ষেত্ৰত ২০০৫ চনতে ছাত্ৰ সন্থাই উত্থাপন কৰা দাবীৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰে নিজৰ মতামত ত্ৰিপাক্ষিক আলোচনা আহ্বান কৰি দাখিল নকৰে কিয়? মোডী চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ পৰা আজিলৈকে অসম চুক্তিৰ প্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোচনা কৰাৰ পৰা নিজকে আঁতৰাই ৰাখিলে কিয়? কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সংসদত নাগৰিকত্ব আইন সংশোধন কৰিবই বুলি মন্তব্য প্ৰকাশ কৰিছেই।৬নং দফাৰ প্ৰসংগত সমিতি গঠন কৰি কেন্দ্ৰীয় চৰকাৰখন নিজেই এক সন্দেহজনক স্থিতিৰ মাজত সোমাই পৰিছে।

অসম সংগ্ৰামী মঞ্চই স্পষ্ট কৰি দিয়ে যে বিদেশীক স্বদেশী কৰাৰ স্বাৰ্থত অসম চুক্তিৰ ৫.৮নং দফা নস্যাৎ কৰি ১৯৭১ চনৰ পিছত অসমলৈ অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবে মোডী চৰকাৰে এক ৰাজনৈতিক ষড়যন্ত্ৰত লিপ্ত হৈছে।অসম চুক্তিৰ মূল উদ্দেশ্যক আঘাত কৰি ৬নং দফাৰ স্বাৰ্থত সমিতি গঠন অসমবাসীক আঁভুৱা-ভৰা পদক্ষেপ।গুৰুত্বপূৰ্ণ বিষয়টো হ, ৰাজপত্ৰিত অধিসূচনাত কতো অসমীয়াৰ সংজ্ঞা নিৰূপণৰ বিষয়টো নাই। কেন্দ্ৰীয় চৰকাৰে এই প্ৰসংগটোক লৈয়েই অসমত এক সংঘাতপূৰ্ণ ৰাজনীতি কৰাৰ ষড়যন্ত্ৰ কৰিব লৈছে বুলি সংগ্ৰামী মঞ্চই অভিযোগ কৰে।কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৬ নম্বৰ দফাৰ প্ৰসংগত নিজৰ স্থিতি প্ৰথমতে ৰাজহুৱা কৰক বুলি অসম সংগ্ৰামী মঞ্চই দাবী কৰিছে  বুলি বিবৃতিটোত উল্লেখ কৰিছে।

Your Comments