তপন বৰগোঁহাইৰ প্ৰতিবেদন:
অসম চৰকাৰৰ শিক্ষা বিভাগৰ হেমাহিৰ বাবে সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা, বিহগী কবি ৰঘুনাথ চৌধাৰী, অসম কেশৰী অম্বিকাগিৰী ৰায় চৌধুৰীয়ে অধ্যয়ন কৰা মহানগৰীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি অস্তিত্বৰ সংকটত। ব্ৰিটিছৰ শাসনৰ কালতে অসমীয়া ভাষাৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ১৮৯৪ চনত স্থাপন কৰা ঐতিহাসিক চৰকাৰী বিদ্যালয়খন আজি বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত। কিন্তু এবাৰো বিদ্যালয়খনৰ সমস্যাৰ বুজ ল'বলৈ আহৰি নাই শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য তথা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ।
ঐতিহাসিক বিদ্যালয়খনে আধুনিক শিক্ষা ব্যৱস্থাৰ পোহৰ আজিও দেখিবলৈ পোৱা নাই। ফলত প্ৰায় ১০০ বছৰৰ পুৰণি শ্রেণীকোঠাতেই ছাত্ৰ-ছাত্ৰীসকলে আজি গ্ৰহণ কৰি আছে শিক্ষা। বৰষুণ দিলেই পানী পৰে বিদ্যালয়খনৰ অধিকাংশ শ্রেণীকোঠাতে। বৰ্তমান ৪০০ ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি থকা পুৰণি বিদ্যালয়খনত মুঠ ৬০টা পদৰ ভিতৰত ১৬টাকৈ পদ খালি হৈ আছে। ইয়াৰে কেইবাটাও খালি পদ শিক্ষকৰ। তদুপৰি যোৱা দুটা বছৰৰ পৰা বিদ্যালয়খনৰ ইংৰাজী, সমাজ বিজ্ঞান, সংগীত বিষয় বিষয়কেইটাৰ শিক্ষকৰ অবিহনে পৰিচালিত হৈছে। কাৰণ, বিষয়কেইটাৰ শিক্ষককেইজনক যোৱা দুটা বছৰে এনআৰচিৰ কামত জড়িত কৰাই ৰখা হৈছে। ফলত, বিষয়শিক্ষক অবিহনে এতিয়া ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব লগা হৈছে।
আনহাতে, ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে বিদ্যালয়খনত পুথিভঁৰালৰ ব্যৱস্থা আছে যদিও ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰাৰ বাবে নাই অধ্যয়নকক্ষৰ ব্যৱস্থা। গুৰুত্বপূৰ্ণ কথা যে বিদ্যালয়খনৰ শ্রেণীকোঠাসমূহৰ দুৰ্বল আন্তঃগাঁঠনিৰ বাবে বহু সময়ত শ্রেণীকোঠাৰ কামসমূহ পুথিভঁৰালত কৰিব লগা হৈছে। এতিয়া প্ৰশ্ন, নতুনকৈ চৰকাৰী বিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ অক্ষম ৰাজ্যৰ শিক্ষাবিভাগে কিয় গুৰুত্ব নিদিয়ে ইতিমধ্যে পৰিচালিত হৈ থকা বিদ্যালয়সমূহৰ আন্তঃগাঁঠনি উন্নত কৰাত। সেয়া এক গভীৰ ৰহস্য।
- Log in to post comments
- 62 views