জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন:
শোণিতপুৰৰ বালিপৰাত জৰাসৰ নৈৰ বাঢ়নি পানীত আজিও জলমগ্ন হৈ আছে বিস্তৃত অঞ্চল । বিগত সময়চোৱাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অাহে জৰাসৰ নৈৰ পানী আৰু বিস্তৃত অঞ্চল এটা উক্ত পানীয়ে আগুৰি ধৰে।বালিপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো পানী সোমোৱাৰ ফলত স্বাস্থ্যকেন্দ্ৰখনত ৰোগীৰ মাজত হাহাঁকাৰময় অৱস্থাৰ সৃষ্টি হয়। পথতে ৰখাই অনা নিয়া কৰিবলগীয়াত পৰে ৰোগীক একেদৰে বালিপৰা সমবায় সমিতিৰ কাৰ্য্যলয়, কমাৰিগাওঁ প্ৰাথমিক বিদ্যালয়, কমাৰিগাওঁ, দীঘলী বালিজান, নামঘৰ আদিকে ধৰি বৃহত্তৰ অঞ্চলটো জলমগ্ন হৈ উঠাত আহুকালৰ সৃষ্টি হয়।
- Log in to post comments
- 14 views