মৰিগাঁৱৰ পৰা জিতুমণি নাথ
চিকিৎসা সেৱা আৰু ৰাজনৈতিক ক্ষেত্রখনৰ কিংবদন্তী পুৰুষ, পশ্চিমবংগৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী ডা০ বিধান চন্দ্ৰ ৰায়ৰ জন্ম আৰু মৃত্যু তাৰিখ ১ জুলাই দিনটো ভাৰত চৰকাৰে ১৯৯১ চনত চিকিৎসক দিৱস হিচাপে ঘোষণা কৰিছিল। এই বৰ্ষত এই দিৱসটো হিংসা বিৰোধী দিৱস হিচাপে উদযাপিত হৈছে। কালি দেশজুৰি উদযাপিত দিৱসটোৰ মূল বাণী হৈছে স্বাস্থ্য সেৱাত হিংসা(Violence in health care)। এই বাণীকে সাৰোগত কৰি কালি ইণ্ডিয়ান মেডিকেল এছ'চিয়েচন আৰু আছাম মেডিকেল ছাৰ্ভিচ এছ'চিয়েচনৰ উদ্যোগত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ সভাকক্ষত নাগৰিক, সমাজকৰ্মী আৰু চিকিৎসকসকলৰ এক সজাগতা সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে উপায়ুক্ত ঋতুৰাজ বৰাই ডা০ বিধান চন্দ্ৰ ৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ পাতনি মেলে। সংক্ষিপ্ত ভাষণত উপায়ুক্ত ঋতুৰাজ বৰাই চিকিৎসকসকলৰ দায়বদ্ধতা, নাগৰিক সমাজৰ সহযোগত এক ফলপ্ৰসূ চিকিৎসা সেৱা গঢ়ি উঠাৰ কথা উল্লেখ কৰে। অসামৰিক চিকিৎসালয়খনে ৰোগীৰ আশা পূৰণ কৰিবলৈ সক্ষম কৰাৰ বাবে চিকিৎসকসকললৈ আহ্বান জনায়। অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক তথা আই এম এৰ মৰিগাঁও শাখাৰ সভাপতি ডা০ নকুল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাৰ আঁত ধৰি সম্পাদক ডা০ জয়ন্ত কুমাৰ নাথে কয় শেহতীয়াকৈ হকে বিহকে চিকিৎসকৰ ওপৰত হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি পোৱাত মনোবল ভাগিছে চিকিৎসকসকলৰ। এই অশুভ প্ৰৱণতা প্ৰতিৰোধৰ বাবে তেওঁ নাগৰিক সমাজৰ সহযোগিতা বিচাৰে। নাগৰিক সমাজৰ তৰফৰ পৰা প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰা, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, বৰ্তমানৰ সভাপতি প্ৰতাপ হাজৰিকাই ভাষণ প্ৰসংগত চিকিৎসক, চিকিৎসাকৰ্মী নিগ্ৰহত উদ্ৰেগ প্ৰকাশ কৰে। তেওঁলোকে অসামৰিক চিকিৎসালয়ত অবাঞ্ছিত লোকৰ দপদপনি বন্ধ কৰিবলৈ স্থায়ীভাবে আৰক্ষী মোতায়েন কৰিবলৈ কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰে। অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ পুনিৰাম পাতৰ, আমচাৰ মৰিগাঁও শাখাৰ সভাপতি ডা০ চন্দ্ৰচিং দেউৰীয়েও ভাষণ দিয়ে। সজাগতা সভাত অৱসৰ প্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰবীন হাজৰিকা,অধীক্ষক ডা০ মবিদুৰ ৰহমান উপ-অধীক্ষক কল্পনা গগৈ, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰোহিণী বৰকটকী, সোনেশ্বৰ দেউৰজা, অৰুণ নাথ, জয়া বড়ো, দিচেন বৰদলৈ, মনিকা বৰা, শ্বেমিম আহমেদ, তুলেশ্বৰ নাথ, এল পি দাস, দুলাল মেধী প্ৰমুখ্যে চিকিৎসকে যোগদান কৰে।
- Log in to post comments
- 8 views