গুৱাহাটী-বাংলাদেশৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ

air

বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত আজিৰে পৰা আৰম্ভ হ'ল গুৱাহাটী-বাংলাদেশৰ মাজত পোনপটীয়া বিমান সেৱা। আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ আঁচনিৰ অধীনত আৰম্ভ হৈছে গুৱাহাটীৰ পৰা ঢাকালৈ বিমান সেৱা।আজি এই বিমান সেৱাৰ গুৱাহাটী বৰঝাৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।সোমবাৰে দিনৰ ১১.৫৫ বজাত গুৱাহাটীৰ পৰা ঢাকালৈ উৰা মাৰে স্পাইছ জেটৰ প্ৰথমখন ঢাকা অভিমুখী বিমান।উল্লেখ্য যে প্ৰতিদিনে ভাৰতীয় সময় অনুসৰি দিনৰ ১১.৩৫ বজাত গুৱাহাটীৰ পৰা যাত্ৰা কৰিব আৰু ঢাকাৰ পৰা দিনৰ ১.০১ বজাত পুনৰ গুৱাহাটীলৈ যাত্ৰী লৈ উভতি আহিব বিমানখনে।আনহাতে আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী,স্পাইচ জেটৰ কেইবাগৰাকীও বিষয়া। 

kk

আনহাতে,আজি বিমান সেৱা উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়-এই বিমান সেৱাই অসম-বাংলাদেশৰ মাজত বন্ধুত্বৰ এনাজৰীডাল অধিক কটকটীয়া কৰিব।ইফালে আৰু কিছুদিনৰ পিছতে অন্যান্য চুবুৰীয়া ৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ ঠাই কাঠমাণ্ডু,বেংকক,হানয়, কুৱালালামপুৰলৈ চলাচল কৰিব গুৱাহাটীৰ পৰা বিমান।

Your Comments