গণেশগুৰিৰ গণেশ মন্দিৰ উচ্ছেদৰ গভীৰ ষড়যন্ত : মন্দিৰ সমিতিৰ গুৰুতৰ অভিযোগ

ganesh

নিউজ ডেস্ক:

গণেশগুৰিৰ গণেশ মন্দিৰ উচ্ছেদ কৰাৰ বাবে চলিছে গভীৰ  ষড়যন্ত । দেওবাৰে গণেশগুৰি গণেশ মন্দিৰ প্ৰাংগণত এক সংবাদমেল এই কথা সদৰী কৰে শ্ৰীশ্ৰীগণেশ মন্দিৰ ন্যাস সমিতিৰ সাধাৰণ সম্পাদক ৰঞ্জিত বৰ্মনে। তেওঁ কয় যে অট্টালিকা নিৰ্মাণৰ গইনা লৈ গণেশ মন্দিৰটো উচ্ছেদ কৰাৰ বাবে একাংশ লোকে চক্ৰান্ত ৰচিছে

বৰ্মনে কয় যে আজিৰ পৰা শ বছৰ পূৰ্বে গণেশগুৰি অঞ্চলৰ ৰাইজে স্থাপন কৰা ঐতিহাসিক শ্ৰীশ্ৰীগণেশ মন্দিৰটো এতিয়া উচ্ছেদ কৰাৰ ষড়যন্ত্ৰ কৰিছে। মন্দিৰটো গাতে লাগি থকা মাটিৰ গৰাকী নবীন দাস, মন্টু দাস, বাবলি দাস, অকন দাস আদিয়ে বিল্ডাৰ কেপ্টেইন ভৰালীৰে সৈতে লগ লাগি তেওঁলোকৰ মাটিত অট্টালিকা নিৰ্মাণৰ সুযোগ লৈ মন্দিৰটো উচ্ছেদ কৰাৰ চক্ৰান্ত কৰিছে। এই চক্ৰান্ত অনুসৰি উক্ত ব্যক্তিসকলে যোৱা ২৮ জুন তাৰিখে নিশা প্ৰায় ১০.৩০ মান বজাত এখন জেচিবি আনি অতি গোপনে মন্দিৰৰ দেৱালৰ গাতে লাগি থকা মাটি খান্দিবলৈ ধৰে বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে তেওঁলোকে মন্দিৰৰ গাতে লাগি থকা মাটিখিনি খান্দি মন্দিৰটো ভাঙি মন্দিৰৰ মাটি বেদখল কৰিব বিচাৰিছে।

মন্দিৰৰ গাতে লাগি থকা মাটিৰ মালিকসকলৰ কুঅভিসন্ধিৰ কথা জানিব পাৰি স্থানীয় ৰাইজক লগত লৈ ২৮ জুনৰ নিশাই দিছপুৰ আৰক্ষী থানাত ঘটনাৰ বিষয়ে অৱগত কৰি এখন এজাহাৰ দাখিল কৰা হয়। ইয়াৰ পিছত আৰক্ষী আহি মাটি খান্দি থকা কাম বন্ধ কৰি দিয়াৰ লগতে জেচিবি খনো জব্দ কৰি নিয়ে।  আনহাতে উক্ত ব্যক্তি সকলে তেওঁলোকৰ যি ডোখৰ মাটিত অট্টালিকা নিৰ্মাৰ বাবে আগবাঢ়িছে সেই নিৰ্মাৰ কাম বন্ধ কৰাৰ বাবে অনুৰোধ জনাই তেওঁলোকৰ পৰিয়ালৰে দুগৰাকীকৈ মহিলা সদস্যাই আদালতৰ দ্বাৰস্থ হৈছে আৰু আদালতেও গোচৰটো মীমাংসা নোহোৱা পৰ্যন্ত অট্টালিকাটোৰ নিৰ্মাণৰ কাম বন্ধ ৰখাৰ বাবে যোৱা ২০ জুনত এক নিৰ্দেশ জাৰি কৰিছিল। আদালতৰ এই নিষেধাজ্ঞা ত্বেও তেওঁলোকে অতি গোপনে নিশাৰ আন্ধাৰৰ সুযোগ লৈ মাটি খান্দি মন্দিৰটো বগৰাই দিয়াৰ বাবে কেৱল ষড়যন্ত্ৰ কৰাই নহয় আদালতৰ নিৰ্দেশকো অৱমাননা কৰিছে।

ধৰ্মীয় পৰিৱেশেৰে অঞ্চলটোৰ শান্তি-শৃংখলা অটুট ৰখাকে ধৰি এখন সুস্থিৰ সমাজ গঢ়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহা এই ঐতিহাসিক গণেশ মন্দিৰটো ৰক্ষা কৰাৰ বাবে সকলো পক্ষকে আগবাঢ়ি আহিবলৈ মন্দিৰ ন্যাস সমিতিৰ সাধাৰণ সম্পাদক ৰঞ্জিত বৰ্মন আৰু সদস্য সকলে অনুৰোধ জনায়।

Your Comments