কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰঃ
শিৱসাগৰৰ গৌৰৱ নগৰৰ যদুমণি শিল্পী সমাজৰ দ্বাৰা শনিবাৰে চহৰৰ নাট্যমন্দিৰত মহিলা শিল্পীৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হয়। মহিলাসকলে প্ৰদৰ্শন কৰা ভাওনাখনৰ নাম হল "দক্ষ যজ্ঞ, সতীৰ দেহ ত্যাগ"। প্ৰায় ২৬ গৰাকী মহিলাই বিভিন্ন ভাওত অভিনয় কৰি উপস্থিত দৰ্শক সকলক মুগ্ধ কৰে।
গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাত তাহানিতে কেৱল পুৰুষেহে ভাও লৈছিল। আনকি ভাওনাৰ নাৰীৰ চৰিত্ৰতসমুহো ৰূপায়ণ কৰিছিল পুৰুষে। এতিয়া সময়ৰ পৰিবৰ্তন হৈছে। পুৰুষৰ সমানে ফেৰ মাৰি এতিয়া মহিলাইও প্ৰদৰ্শন কৰিছে ভাওনা। শনিবাৰে যদুমণি শিল্পী সমাজৰ দ্বাৰা মহিলাই প্ৰদৰ্শিত কৰা ভাওনাত প্ৰতিগৰাকী মহিলাৰ সুন্দৰ আৰু সৱলীল অভিনয়েৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
ভাওনাখন উদ্ধোধন কৰে মৰাণ ছোৱালী কলেজৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক অজয় গগৈয়ে। পৰিচালনা কৰে অম্লানজ্যোতি দাস আৰু প্ৰযোজনা কৰে নিৰ্মলা দাসে। ভাওনাখনত বিভিন্ন ভাৱত অভিনয় কৰে ক্ৰমে সুত্ৰত সুনয়ানা হাজৰিকা, নাৰায়ণ কাকতি ডেকা, নাৰদ পাৰ্চী বড়া, ব্ৰহ্মা পঞ্চমিতা দাস, শিৱ দৰ্শনা গগৈ, নন্দী ৰিয়া বৰা, ভূংগী বাৰ্চিলীনা ৰাজকুমাৰী, ভৃগুমুনি প্ৰিয়ংকা দাস, দক্ষ জ্ঞান শিখা দাস, সেনাপতি অভিস্মাতা শৰ্মা, ইন্দ্ৰ মিতালী নাথ, শনি গীতিমণি দাস, পৱন প্ৰিয়া ৰাউট, বৰুন নেহা দাস, তাৰকাসুৰ অনিতা দাস ভৰালী, সম্বাৰাসুৰ ৰশ্মি দাস, জংঘাসুৰ মৌচুমী হাতীমুৰীয়াৰ লগতে কল্পনা মেদক,অঞ্জলি গগৈ, নিৰ্মলা দাস, আস্থা দাস, জিতুমণি হাজৰিকা, অঞ্জলি দাস, ইণ্ডিয়া পেগু, সৃষ্টিস্নেহা হাজৰিকা আৰু মণিষা দত্তই বিভিন্ন ভাওত অভিনয় কৰে।
- Log in to post comments
- 22 views