নগাঁৱৰ পুৰণিগুদাম-বঢ়মপুৰ অঞ্চলত ঘাইপথ নিৰ্মাণৰ ক্ষতিপূৰণৰ নামত ব্যাপক লুন্ঠন

nagaon

ৱাহিদুদ জামান,নগাঁও: নগাঁও চহৰৰ কাষেৰে পাৰ হৈ যোৱা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত পুৰণি ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়োকাষে থকা ম্যাদি পট্টাৰ মাটিৰ লগতে স্থানীয় আবাসী সকলৰ ঘৰ-দুৱাৰ গছ- গছনিকে ধৰি সকলো সামগ্ৰীৰে ক্ষতিপূৰণ (জিৰাত) দিয়াৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ কেতবোৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। উল্লেখ্য যে, নগাঁও জিলাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াভোমোৰা দলঙৰ পৰা মৰিগাঁও জিলাৰ সীমামুৰীয়া থেকেৰাগুৰি গেটলৈকে আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰঘাট বাইপাছৰ পৰা সৰুপথাৰলৈকে যোৱা পথচোৱা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈকে সম্পসাৰণৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। পথচোৱা সম্প্ৰসাৰণৰ পুৰ্বে সংশ্লিষ্ট এলেকাৰ ম্যাদি পট্টাৰ মাটিৰ ক্ষতিপুৰণৰ তালিকা আৰু বিভাগীয় নিয়ম অনুসৰি ঘৰ-দুৱাৰৰ ক্ষতিপূৰণৰ তালিকা স্থানীয় লাট মণ্ডল আৰু  গড়কাপ্তনি(গৃহ) বিভাগে প্ৰস্তুত কৰিছে।

এইদৰে জিলাখনৰ অন্তৰ্গত উল্লেখিত এই অংশ দুটাৰ দুয়োকাষে বৃহৎ পৰিমাণৰ পট্টা মাটি আৰু অন্যান্য সা-সম্পত্তিৰ ক্ষতিৰ তালিকা প্ৰস্তুত কৰি ইতিমধ্যে কেবা শ কোটি টকা ক্ষতিগ্রস্থ লোকলৈ ক্ষতিপূৰণৰ ধন হিচাপে মোকলাই দিছে জিলা প্ৰশাসনে। এনে সময়তে ক্ষতিগ্ৰস্তৰ তালিকা প্ৰস্তুত কৰাৰ নামত স্থানীয় ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ লাট মণ্ডল আৰু গড়কাপ্তনি(গৃহ) বিভাগৰ কনিষ্ঠ অভিযন্তাই একাংশ ভুৱা হিতাধিকাৰীৰে মিলি এক বৃহৎ কেলেকংকাৰী সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। এই চক্ৰটোৱে বহু ভুৱা ক্ষতিগ্ৰস্তৰ তালিকা বনাই কোটি কোটি চৰকাৰী ধন লুন্ঠন চলোৱাৰ অভিযোগ এতিয়া সকলোৰে মুখে মুখে। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ পুৰণিগুদাম টাউনৰ কিচামতৰ ৩৯ নং ম্যাদি পট্টাৰ ১৬০ নং দাগ সংলগ্ন মাত্ৰ তিনি লোচা মাটিত কেবাটাও কিস্তিত ২১,৪০,৬০২ টকা মোকলাই দিয়া হৈছে। যি পৰিমাণৰ ধন মোকলাই দিয়া হৈছে, সেই অনুপাতে হিতাধীকাৰীৰ ক্ষতি নোহোৱাৰ অভিযোগ এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে।

নগাঁও জিলা গড়কাপ্তনি(গৃহ ) বিভাগৰ অনুমোদিত হিতাধিকাৰীৰ তালিকা অনুসৰি, পুৰণিগুদামৰ বৰা উপাধিৰ এগৰাকী লোকে ৬৩,৫৪০ টকা, শ‌ইকীয়া উপাধিৰ এজনে ৬২,৫০০ টকা লাভ কৰাৰ লগতে বাৰিছ, বেগম হাজৰিকা, ৰাজখোৱা আৰু মুকিত উপাধিৰ লোক কেইজনেও লাভ কৰে মুঠ ১,০৬,৯০২ টকা। একেদৰে হাজৰিকা আৰু ৱাজেদ উপাধিৰ লোক দুজনে ৩১,৪৫০ টকাকৈ,  মুচাবি উপাধিৰ লোক এজনে ৪,১৪,৮০৮ টকা, মুকিদ উপাধিৰ লোকজনে ৩,৪৫,০৩৬ টকা আৰু  মহম্মদ উপাধিৰ লোক এজনে ৭,০০৭৬৮ টকা লাভ কৰিছে। অতি আচৰ্যজনক বিষয় এই যে প্ৰথমতে উল্লেখ কৰা বাৰিচ, বেগম হাজৰিকা, ৰাজখোৱা আৰু মুকিত উপাধিৰ লোককেইজনৰ বাৰীৰ সন্মুখ ভাগত থকা এখন লোহাৰ গেইট আৰু এটা চেপটিক টেঙ্কহে প্ৰকৃততে ক্ষতি হৈছিল। যাৰ বাবে প্ৰথমে গড়কাপ্তনি বিভাগে প্ৰথম অৱস্থাত এই ক্ষতিৰ বিপৰীতে  ৫৩,৪৫১ টকাহে ধাৰ্য কৰি তালিকা প্ৰস্তুত কৰিছিল যদিও সেই ধন হিতাধিকাৰীসকলে গ্ৰহণ নকৰি পৰৱৰ্তী সময়ত সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীক মেনেজ কৰি ছয়টা কিস্তিত প্ৰায় ১৫ লক্ষাধিক টকা মোকলাই আনিবলৈ সক্ষম হয়।

স্মৰ্তব্য যে, অকল নগাঁও উৰিগাঁও বাইপাছৰ পৰা কলিয়াবৰ তিনি আলিলৈ যোৱা পথৰ দুয়োকাষৰ ক্ষতিগ্ৰস্তৰ নামত প্ৰায় ২৭২ কোটি টকা ক্ষতিপূৰণৰ নামত মোকলাই দিয়া হৈছে। চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষতিপূৰণ বিতৰণত সংঘটিত হোৱা এনে দুৰ্নীতি-অনিয়ম সন্দৰ্ভত তদন্ত কৰিলে বহু ৰৌ ভৰালী জালত পৰিব বুলি মন্তব্য কৰি সমগ্ৰ দুৰ্নীতি-অনিয়ম সন্দৰ্ভত এক তদন্ত কৰিবলৈ দাবী জনাইছে সচেতন ৰাইজে।

Your Comments