শিৱসাগৰ অগ্ৰগণী উন্নয়ন মহিলা সমিতিৰ অভিনন্দন অনুষ্ঠান

sibsagar

কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰঃ

 শিৱসাগৰ চহৰৰ অন্যতম মহিলা অনুষ্ঠান অগ্ৰগণী মহিলা সমিতিয়ে দেওবাৰে ১৩ নং ৱাৰ্ড প্ৰাথমিক বিদ্যালয়ত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বিশেষ সফলতা লাভ কৰা মুঠ ১৯ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। অভিনন্দন অনুষ্ঠানৰ পূৰ্বেই স্থানীয় সমাজকৰ্মী বিশ্বজিৎ বৰগোহাঁইৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মাম্পী বৰগোহাঁয়ে উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছতে সমিতিৰ মহিলাসকলে দিহানাম পৰিৱেশন কৰে। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন পত্ৰ, অভিধান আৰু এটি গছপুলিৰে অভিনন্দন জনোৱা হয়। আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অঞ্চলটোৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা চাৰফৰা শ্বামিম হকক নগদ ৫ হাজাৰ টকা আৰু হৰেশ বৰুৱা সোঁৱৰণী চলন্ত ছীল প্ৰদান কৰে দাতা ফুলমাই বৰুৱাই।sibsagar2

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত গৌৰীসাগৰ মোমাই তামূলী পঞ্চায়তৰ সভানেত্ৰী সংগীতা বৰগোহাঁই, দৈনিক জনমভূমিৰ সংবাদিক অৰুণ হাজৰিকা, সমাজকৰ্মী হৰিনাৰায়ণ দত্ত, ৰঞ্জিত সিং, ফুলমাই বৰুৱা, দুৰ্গেশ্বৰী গগৈ, ভাস্কৰ প্ৰতীম বৰুৱা, জুলি পাটৰ, চন্দ্ৰপ্ৰভা দত্তৰ লগতে শিক্ষক পোৱাল গগৈ আৰু আশাকৰ্মী জ্যোতি বৰুৱাই বক্তব্য আগবঢ়ায়। আনহাতে উক্ত সভাতে উমাকান্তি কলিতাই সাদৰী কলিতাৰ সোঁৱৰণত প্ৰতিবছৰে অঞ্চলটোত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱাজনক নগদ ধন আৰু চলন্ত ছীল প্ৰদান কৰিব বুলি ঘোষণা কৰে। ৰুমি কলিতা দত্তই আঁত ধৰা সভাত শলাগৰ শৰাই আগবঢ়ায় স্বৰ্ণ দিহিঙীয়াই।

Your Comments