অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন,ডঃ হিমন্ত বিশ্ব শৰ্মা আদৰণী সমিতিৰ সভাপতি নিৰ্বাচিত

sahitya sava

ৰঞ্জিত তালুকদাৰ, বৰপেটাৰোড :
অসম সাহিত্য সভাৰ আগন্তুক ৭৫ সংখ্যক অধিৱেশনখনি এইবাৰ "শুৱালকুছি"ত অনুষ্ঠিত হব  ৷ অসম চৰকাৰৰ মন্ত্ৰী আৰু জালুকবাৰী সমষ্টিৰ বিধায়ক ড° হিমন্ত বিশ্ব শৰ্মাক সভাপতি আৰুকামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কমল বৈশ্যক কাৰ্যকৰী সভাপতি হিচাপে লৈ শুৱালকুছি অধিৱেশনৰ পূৰ্ণাংগ আদৰণী সমিতিখন গঠন কৰা হয় ৷sahitya sava2

সভাখন  অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে উদ্বোধন কৰে ৷ সভাখনত ড° সঞ্জীৱ কুমাৰ শৰ্মা, অবনীমোহন চহৰীয়া,ড° বলেন্দ্ৰ কুমাৰ দাস, প্ৰফুল্ল বৰ্মন আৰু নুৰুল চুলতান অসম সাহিত্য সভাৰ পৰ্য্যবেক্ষক হিচাপে উপস্থিত থাকে ৷ সভাত হোৱা ৰাইজৰ বিপুল সঁহাৰি আৰু উপস্থিতিয়ে  সকলোকে আনন্দ দিয়াৰ লগতে অধিৱেশনখনি সৰ্বাংগসুন্দৰ সুন্দৰ হব বুলি আশা প্ৰকাশ কৰে ৷

Your Comments