বঙাইগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দ্বাৰা প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ,ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নৰ দাবী 

bgn

বঙাইগাঁওঃ৯ জুনঃ

সমগ্ৰ দেশজুৰি বৃদ্ধি পোৱা নাৰী নিৰ্যাতন, ধৰ্ষণৰ ঘটনা ৰোধ কৰাত ব্যৰ্থতাৰ লগতে বিজেপি চৰকাৰৰ নীতি-আদৰ্শৰ প্ৰতিবাদত তথা ধৰ্ষণকাৰীক ফাঁচিৰ দাবীত এখন কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবীত আজি বঙাইগাঁও জিলা কৃষক মুক্তি মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বঙাইগাঁও চহৰৰ বৰপাৰাৰ মূল ৰাজ পথত পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলে ধৰ্ষণকাৰীক ফাঁচি দিয়ক, উই ৱান জাষ্টিচ, গৃহ বিভাগ হায় হায়, টুইংকল শৰ্মাৰ হত্যাকাৰীক ফাঁচি দিয়ক, নাৰী নিৰ্যাতন বন্ধ কৰক, নাৰীক সুৰক্ষা দিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায়, অসম চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইপিনে পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নন্দন দেৱনাথে সংবাদ মাধ্যমৰ আগত কয় যে যিখন দেশত নাৰীক দেৱীৰ লগত তুলনা কৰা হয়, যিখন দেশত নাৰীক পূজা কৰা হয়, সেইখন দেশ ভাৰতবৰ্ষ এতিয়া পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি নাৰী নিৰ্যাতনকাৰী দেশ হিচাপে পৰিগণিত হৈছে ৷bgn2

দেশখনত দৈনিক নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আহিছে ৷ পুৱা যদি ঘৰৰ পৰা কোনোৱা মহিলা বাহিৰলৈ ওলাই যায়, তেতিয়াহলে সন্ধিয়া ঘৰলৈ ঘুৰি আহিব নে নাই সেই কথা ভাবি গোটেই পৰিয়ালৰ লোকে চিন্তিত হৈ থাকিবলগীয়া হৈছে ৷ আছিফাৰ পৰা আৰম্ভ কৰি এতিয়া টুইংকল শৰ্মা, অৰ্ণমাই বৰাৰ পৰা আৰম্ভ কৰি ভনিমাই দত্তকে ধৰি যিমানবিলাক ধৰ্ষণ কাণ্ড হৈছে, সেই ধৰ্ষণ কাণ্ডসমূহৰ বিৰুদ্ধে যথেষ্ঠ প্ৰতিবাদ হোৱা স্বত্বেও তথা আইন বনোৱা স্বত্বেও কিন্তু ধৰ্ষণ কাণ্ড ৰোধ হোৱা নাই ৷ গতিকে আমি কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছো যাতে ছমাহৰ ভিতৰত যিমান বিলাক ধৰ্ষণ কাণ্ডৰ লগত জড়িত ধৰ্ষণকাৰী আছে সেইসকলক ফাঁচি দিব লাগে আৰু ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ বাবে এখন কঠোৰ আইন প্ৰণয়ন কৰিব লাগে ৷ লগতে ধৰ্ষণকাণ্ডৰ গোচৰবোৰৰ বিচাৰ  ফাষ্টট্ৰেক আদালতত চলিব লাগে আৰু দোষী সাব্যস্ত হোৱা ধৰ্ষণকাৰীক দহ দিনৰ ভিতৰত ফাঁচি কাঠত ওলোমাব লাগে ৷ নতুবা ধৰ্ষণকাৰীক ৰাজহুৱা স্থানত গুলীয়াই মাৰিব লাগে বুলি দাবী জনায় ৷ অন্যথা ধৰ্ষণৰ ঘটনা নকমিব ,বৰং বাঢ়িহে যাব বুলিও কয় ৷ জিলা সম্পাদকগৰাকীয়ে বিজেপি চৰকাৰক সমালোচনা কৰি আৰু কয় যে যিখন চৰকাৰে বাংলাদেশীক আনিবলৈ উঠি পৰি লগাৰ লগতে বিদেশত থকা হিন্দুসকলৰ সুৰক্ষাৰ কাৰণে মাত মাতি আহিছে, সেইখন চৰকাৰে কিন্তু আমাৰ দেশৰ শিশু, মহিলা, জীয়ৰি, বোৱাৰী, আই, ভনীসকলক সুৰক্ষা দিব পৰা নাই ৷ সেয়ে আমি কেন্দ্ৰীয় চৰকাৰৰ এনে নীতি - আদৰ্শৰ প্ৰতিবাদ জনাই এই পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু  ৰাজ্য চৰকাৰক দাবী জনাইছো, যাতে ধৰ্ষণকাৰীসকলক ফাঁচি দিয়াৰ বাবে ছমাহৰ ভিতৰত এখন কঠোৰ আইন প্ৰণয়ন কৰে ৷ 

Your Comments